আজি গৱেষক তথা সাহিত্য সমালোচক ভৱানন্দ দত্তৰ স্মৃতি দিৱস । তেওঁ নলবাৰী কলেজত দৰ্শন বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ কটন কলেজ আৰু অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰে প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ আছিল অসমীয়া আধুনিক কবিতাৰ বাটকটীয়াসকলৰ ভিতৰত অন্যতম । ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা ‘জয়ন্তী’ আলোচনীত নচিকেতা ছদ্মনামেৰে কবিতা লিখি অসমীয়া আধুনিক কবিতাৰ জগতখনত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰে । মাথোঁ দুকুৰী বছৰীয়া জীৱনকালত তেওঁৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থখন আছিল ফিলোছফী ইন ইণ্ডিয়া । মৰণোত্তৰভাৱে প্ৰকাশ পায় ৰবীন্দ্ৰ প্ৰতিভা, অসমীয়া কবিতাৰ কাহিনী, আৰু অসমীয়া জাতীয় সমস্যাৰ বিৱৰ্তন নামৰ তিনিখন সমালোচনা গ্ৰন্থ । দৰ্শন বিষয়ক গ্ৰন্থ দৃষ্টি আৰু দৰ্শনো প্ৰকাশ পায় মৰণোত্তৰভাৱে । ১৯৫৯ চনৰ আজিৰ দিনটোতে দুৰাৰোগ্য কৰ্কট ৰোগত তেওঁৰ মৃত্যু হয় । বিশিষ্ট ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট চলচ্চিত্ৰ তথা সংগীত পৰিচালক কমল নাৰায়ণ চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ অভিনয়ৰ উপৰি কেইবাখনো চলচ্চিত্ৰ পৰিচালনা কৰিছিল । ১৯৪১ চনত ‘মনোমতী’ চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে তেওঁ চলচ্চিত্ৰ জগতখনত পদাৰ্পণ কৰিছিল । ‘বদন বৰফুকন’ আছিল তেওঁৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ । তেঁৱেই নিৰ্মাণ কৰিছিল প্ৰথমখন ৰঙীন অসমীয়া চলচ্চিত্ৰ ‘ভাইটি’ (১৯৭২) । তেওঁ প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন প্ৰজাপতি আদি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা ৰচিত কেইবাখনো গীতি নাটিকা তেওঁ কলিকতাত ৰেকৰ্ডত বাণীবদ্ধ কৰিছিল । তেওঁ আকাশবাণী কলিকতা আৰু শ্বিলঙত কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৮৫ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।