আজি ‘বনকোঁৱৰ’ আনন্দিৰাম দাসৰ স্মৃতি দিৱস । তেওঁ আছিল অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ । যোৱাটো শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকত ৰচনা কৰা তেওঁৰ গীতসমূহ চাৰু বৰদলৈ, ভূপেন হাজৰিকাকে ধৰি অসমৰ বিশিষ্ট শিল্পীসকলৰ কণ্ঠত প্ৰাণ পাই উঠিছিল । তেওঁ প্ৰায় এহেজাৰ গীত ৰচনা কৰিছিল । তেওঁৰ প্ৰকাশিত গীতৰ সংকলন দুখন হ’ল বিৰহী আৰু সুৰ নিজৰা । তেওঁৰ আন দুখন গীতৰ পুথি নন্দন আৰু ৰক্তাঞ্জলিয়ে প্ৰকাশৰ মুখ নেদেখিলে । তেওঁ নিজেও গীত গাইছিল । তেওঁৰ গীতৰ কথা আৰু সুৰত থকা বৈশিষ্ট্যলৈ লক্ষ্য কৰি সেইবোৰক বনগীত বুলি কোৱা হয় । গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই ১৯৫৯ চনত তেওঁক ‘বনকোঁৱৰ’ উপাধি প্ৰদান কৰে । তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ কলিকতা আৰু শ্বিলং-গুৱাহাটীৰ জৰিয়তে শিল্পীসকলৰ দ্বাৰা গান গোৱাই এক জাগৰণৰ সৃষ্টি কৰিছিল । তেওঁ বদন বৰফুকন, পাৰঘাট, লাচিত বৰফুকন, ভক্ত প্ৰহ্লাদ আদি অসমীয়া চলচ্চিত্ৰৰ বাবেও গীত লিখিছিল । তেওঁ ৰচিত একমাত্ৰ নাটকখন হ’ল মোহন মালতী । তেওঁ ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ উপ-সভাপতি আছিল । ১৯৬৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । গীতিকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় নেপথ্য গায়ক কিশোৰ কুমাৰৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ খাণ্ডোৱাত তেওঁৰ জন্ম হৈছিল । তেওঁৰ প্ৰকৃত নাম আছিল আভাস কুমাৰ গাংগুলী । তেওঁ আছিল এগৰাকী নেপথ্য গায়ক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, চিত্ৰনাট্যকাৰ, প্ৰযোজক আৰু পৰিচালক । তেওঁ অনেক চলচ্চিত্ৰৰ গীত গোৱাৰ উপৰি চলতি কা নাম গাড়ী, হাফ টিকেট, নৌকৰি, বন্দী আদি চলচ্চিত্ৰত অভিনয়ো কৰিছিল । তেওঁ জিদ্দি নামৰ চলচ্চিত্ৰখনত গীত গাই বলীউডত গায়ক হিচাপে খোপনি পোতে । তেওঁ আঠবাৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ লাভ কৰে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।