ঐতিহাসিক শিৱসাগৰ চহৰ ডুব যাব পাৰে অন্ধকাৰত ৷ শিৱসাগৰ পৌৰসভাৰ দায়িত্বহীনতাৰ বাবে অন্ধকাৰত থাকিব লগীয়া হ’ব পাৰে শিৱসাগৰবাসী ৷ শিৱসাগৰ পৌৰসভাই বিদ্যুৎবিভাগক দিবলৈ আছে কোটি টকাৰ বিদ্যুৎ বিল ৷ যাৰ বাবে কালি শিৱসাগৰ চহৰৰ ২২টা হাই মাস্ক লাইটৰ বিদ্যুৎ সংযোগ ইতিমধ্যে বিচ্ছিন্ন কৰি দিয়া হৈছে ৷
আজিৰ পৰা এবছৰৰ আগতে সাংসদ তপন গগৈয়ে উদ্বোধন কৰা এই হাই মাস্ক লাইটৰ অনাদায় বিল চৌত্ৰিশ লাখ চৈধ্য হাজাৰ তিনিশ এঘাৰ টকা ৷ প্ৰায় এবছৰ ধৰি আদায় দিয়া নাই এই বিল ৷পানী যোগানৰ নামত পৌৰসভাই বিদ্যুৎ বিভাগত আদায় দিবলৈ আছে ৭৭লাখ ৮০ হাজাৰ টকা৷ একেদৰে শিৱদৌল ,দেৱীদ’ল আৰু বিষ্ণুদ’লৰ প্ৰায় চাৰি লাখ বিশ হাজাৰ নশ ষোল্ল টকা বিদ্যুতৰ বিল দিবলৈ আছে বিদ্যুৎ বিভাগক ৷ শিৱসাগৰ পৌৰসভাই সৰ্বমুঠ এক কোটি বিশলাখ টকা বিদ্যুতৰ বিল দিবলৈ আছে বিদ্যুৎ বিভাগত ৷
সেয়েহে ঐতিহাসিক শিৱসাগৰ জিলা তথা ঐতিহ্যমণ্ডিত এই দ’ল সমূহ অতি শীঘ্ৰেই অন্ধকাৰত ডুব যোৱাৰ আশংকা কৰিছে শিৱসাগৰ বাসীয়ে ৷ শিৱসাগৰ পৌৰসভাৰ দায়িত্বহীনতাৰ বাবেই জীয়াতু ভুগিব লাগিব শিৱসাগৰীয়া ৰাইজে ৷