অসমীয়া চলচ্ছিত্ৰ জগতৰ বাবে এক সুখবৰ ৷ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (টিআইএফএফ) বিশ্ব প্ৰিমিয়াৰত পৰিবেশনৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া পৰিচালক আৰু প্ৰযোজক ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’।
উল্লেখযোগ্য যে ‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে বাছনি কৰা দহখন চলচ্চিত্ৰৰ ভিতৰত অন্যতম অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিত দাস আৰু তৰালি কলিতাই।
লক্ষণীয়ভাৱে, টিআইএফএফে ইয়াৰ প্লেটফৰ্ম কাৰ্যসূচীত দহটা ৱৰ্ল্ড প্ৰিমিয়াৰৰ কথা ঘোষণা কৰি সেইসকল চলচ্চিত্ৰ নিৰ্মাতাৰ ছবিসমূহক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে যাৰ কণ্ঠস্বৰ প্ৰথমবাৰৰ বাবে উদ্ভৱ হৈছে চলচ্চিত্ৰৰ দৃশ্যপটত ।
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে বাছনি কৰা আন চলচ্চিত্ৰবোৰ হৈছে আৰ্জেণ্টিনাৰ কেৰোলিনা মাৰ্কোৱিজৰ ছবি চাৰ্কোল (Carvão), ইউকেৰ অ’কনৰ ছবি এমিলি ফ্ৰান্সেছ, ফ্ৰান্সৰ কেড্ৰিক ইডোৰ ছবি দ্য গ্ৰেভিটি (লা গ্ৰাভিট), ফ্ৰান্সৰ ডৌকুৰেৰ ‘হাৱা মাইমৌনা’, অমেৰিকাৰ ডেনিয়েল গ’লধাবেৰৰ চবি হাউ টু ব্লো আপ এ পাইপলাইন,কানাডাৰ এন্থনি চিমৰ চলচ্চিত্ৰ ‘ৰাইচবয় শ্লিপ্ছ, ইৰাণ, ফ্ৰান্সৰ মণি হঘিঘিৰ ছবি চাবট্ৰেক্ছন (Tafrigh), চুইজাৰলেণ্ডৰ কাৰমেন জাকুয়াৰ ছবি থাণ্ডাৰ (ফৌড্ৰে) আৰু কানাডাৰ ভাইকিঙৰ ছবি ষ্টিফেন লাফিউৰ ।