১) ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে গোল নেমুৰ ৰস ৫ চামুচ খোৱাৰ উপৰি গোল নেমুৰ ৰস শালমইনা হোৱা ঠাইত সানিলে মুখৰ শালমইনা নোহোৱা হয়।
২) আঙুলহাৰা ৰোগত গোল নেমু এটাৰ মধ্য অংশত এটা বিন্ধা কৰি বেমাৰ হোৱা আঙুলিটো তাত কিছু সময় ভৰাই ৰাখিলে যন্ত্ৰনা লাঘব হয়।
৩) ভৰিত উপচোকা লাগিলে গোল নেমু এটা ফালি উপচোকা হোৱা ঠাইত সানিব লাগে।
৪) কোনো কীট-পতঙ্গই কামুৰিলে গোল নেমুৰ ৰস সানিলে জ্বলনি পোৰণি নোহোৱা হয়।
৫) শৰীৰত গোল নেমুৰ ৰস সানিলে গাত মহে কামুৰিব নোৱাৰে।
৬) কোনো বিষাক্ত ফল খালে গোল নেমুৰ ৰস খালে সুফল পোৱা যায়।
৭) গৰমৰ দিনত গাৰ দুৰ্গন্ধ নাইকীয়া কৰি সুগন্ধি কৰিবৰ বাবে গা ধোৱা পানীত গোল নেমুৰ ৰস মিহলি কৰি গা ধুব লাগে।
৮) কঁকালৰ বিষ , গাঁঠিৰ বিষ , ভৰিৰ বুঢ়া আঙুলি উখহা আদিত গোল নেমুৰ ৰস ব্যৱহাৰ কৰিলে সুফল পাব পাৰি।