আজি বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ তথা সাংবাদিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মৃতি দিৱস । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস’ শীৰ্ষক গৱেষণা পত্ৰৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে । তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল । তেওঁ হাই স্কুলৰ শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অধ্যাপনা কৰিছিল । হাৰিয়ানা বিশ্ববিদ্যালয়ৰ ৰাম মনোহৰ লোহিয়া আসনৰ অধ্যাপকো আছিল । সাহিত্য অকাডেমিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । বিশ্ববিদ্যালয় অনুদান আয়োগৰো তেওঁ সদস্য আছিল । ভাৰতৰ প্ৰেছ কাউন্সিলৰো সদস্য আছিল । তেওঁ অসমীয়া মাহেকীয়া কাকত বাঁহী আৰু ইংৰাজী কাকত Advance ৰ সহ-সম্পাদক আছিল । সাপ্তাহিক ‘জনতা’, মাহেকীয়া ‘ৰামধেনু’, সাদিনীয়া ‘নৱযুগ’ কাকতৰ তেওঁ সম্পাদক আছিল । ৰাজপথে ৰিঙিয়ায় তেওঁৰ প্ৰথমখন উপন্যাস । তদুপৰি আই, ঈয়াৰুইংগম, প্ৰতিপদ আদি তেওঁৰ উপন্যাস । কলং আজিও বয়, সাতসৰী আৰু খিৰিকী কাষৰ আসন তেওঁৰ গল্পপুথি । তেওঁৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰ । ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি, সংবাদ সাহিত্য আদি তেওঁৰ ভিন্ন বিষয়ক গ্ৰন্থ । ঈয়াৰুইংগম উপন্যাসৰ বাবে তেওঁ ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৭৭ চনত তেওঁ মৃত্যুঞ্জয় উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে । ভাৰতীয় সাহিত্যৰ এই সৰ্বোচ্চ বঁটা লাভ কৰা তেঁৱেই প্ৰথমগৰাকী অসমীয়া সাহিত্যিক । ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৭৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট প্ৰকৃতিপ্ৰেমী ডাঃ ৰবীন বেনাৰ্জীৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতাও । পশ্চিম বংগত জন্ম লাভ কৰি আৰু বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ কৰ্মসূত্ৰে অসমলৈ আহে । ১৯৫২ চনত তেওঁ চাবুৱা চাহ বাগিচাত মুখ্য চিকিৎসা বিষয়া হিচাপে যোগদান কৰাৰ পিছত অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আকৰ্ষিত হৈ গোলাঘাটতে স্থায়ীভাৱে থাকি যোৱাৰ সিদ্ধান্ত লয় ।তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত তেওঁ ৩২খন চলচ্চিত্ৰ নিৰ্মান কৰে আৰু ইয়াৰ বাবে ১৪টা আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰে । তেওঁ অঁকা চিত্ৰসমূহৰ লগতে তেওঁ তোলা আলোকচিত্ৰসমূহেও যথেষ্ট প্ৰশংসা লাভ কৰিছে । ১৯৭১ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰে । ২০০৩ চনৰ আজিৰ দিনটোতে নিজ বাসভৱনত তেওঁৰ দেহাৱসান ঘটে । প্ৰকৃতিপ্ৰেমীগৰাকীলৈ আমাৰ প্ৰণাম ।