আজি ৬ আগষ্ট শণিবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত বিয়লি ৪ বজাত আৰু সন্ধিয়া ৭ বজাত মঞ্চস্থ কৰা হ’ব ‘গন্ধৰ্ব’ৰ দ্বাৰা নৱতম নাট্য ৰূপেৰে সজ্জিত ‘মুলাই – The root’ ।
যি সময়ত মানুহ প্ৰকৃতিৰ প্ৰতি ভাবুকি হৈ উঠিছে সেই সময়তেই অসমৰ এজন মানুহে সকলোৰে অগোচৰে ব্ৰহ্মপুত্ৰৰ বালি চাপৰি এটাত অকলশৰে ৪ দশক ধৰি নিজকে আত্মনিয়োগ কৰি যি গঢ়ি তুলিছে প্ৰায় ৫৫০ হেক্টৰ কিলোমিটাৰ বিয়পি থকা এখন বিশাল সেউজীয়া অৰণ্য । তেওঁৰ এই অসামান্য কাৰ্য্যত স্তম্ভিত হৈ অৰণ্যখন চাবলৈ, তেওঁক লগ পাবলৈ দূৰ-দূৰণিৰ পৰা লৱৰি আহিছে অলেখ অযুত মানুহ । কিন্তু আচৰিত কথাটো হ’ল মানুহজনৰ এইবোৰলৈ কোনো ভ্ৰুক্ষেপ নাই ৷ তেওঁ কেৱল ব্যস্ত হৈ আছে এগৰাকী মাতৃৰ দৰে তেওঁৰ সেউজীয়া সন্তানহঁতৰ,এই অৰণ্যখনৰ প্ৰতিপালন আৰু বিস্তাৰত ।
বহুতেই কয় তেওঁ হেনো অৰণ্যৰ ভাষাও সলসলীয়াকৈ ক’ব পাৰে ! সেয়েহে তেওঁ ‘মুলাই কাঠনি’ৰ মাতৃ স্বৰূপ !’মুলাই কাঠনি’ত লহ-পহকৈ বাঢ়ি আছে এই অৰণ্যৰ ভাষা কোৱা আৰু বুজা অলেখ প্ৰজাতিৰ গছ-বিৰিখ আৰু জীৱ-জন্তু আৰু তাৰ মাজত আছে সেই ভাষা বুজি পোৱা আৰু ক’ব পৰা এজন অৰণ্য মানৱ যাৰ নাম : যাদৱ পায়েং ৷ তেওঁৰ উপনাম হ’ল মুলাই আৰু দৰাচলতে এই মুলাই মানে হ’ল শিপা – The root .
আজি এই মুলাইৰ জীৱনৰ কাহিনীৰ আধাৰতেই মঞ্চস্থ হ’ব এখন অনন্য নাট ৷ ‘সাংস্কৃতিক সঞ্চালকালয় ,অসমৰ’ সহযোগত মঞ্চস্থ হ’বলগীয়া নাটখনৰ ৰচনা হিমজ্যোতি বৈশ্যৰ ৷ আনহাতে নাটখনৰ সামগ্ৰিক পৰিচালনা ধ্ৰুৱজ্যোতি কুমাৰ আৰু পৰিচালনা অখিলেশ হাজাৰীৰ ৷ শংকৰদেৱ কলাক্ষেত্ৰৰ ‘মাধৱ দেৱ প্ৰেক্ষাগৃহ’ত আজি বিয়লি ৪ বজাত আৰু সন্ধিয়া ৭ বজাত ‘গন্ধৰ্ব’ৰ দ্বাৰা নবতম নাট্যৰূপত মঞ্চস্থ হ’বলগীয়া ‘মুলাই – The root’ উপভোগ কৰিবলৈ উদ্যোক্তা সকলে সকলো নাট্যপ্ৰেমী ৰাইজকে আহ্বান জনাইছে ৷ কাৰণ ৰাইজৰ পৰামৰ্শ ,উৎসাহ ,অনুপ্ৰেৰণাই ভৱিষ্যতেও অসমৰ সাহিত্য-সংস্কৃতিৰ সেৱাত ব্ৰতী ‘গন্ধৰ্ব’ক এনে ধৰণৰ কাম কৰি যাবলৈ শক্তি যোগাব ৷