সামান্য সময়ৰ ব্যৱধানৰ বাবে কমনৱেলথ গেমছৰ ২০০ মিটাৰ দৌৰৰ ফাইনেলত যোগ্যতা অর্জন কৰিবলৈ সক্ষম নহ’ল অসম কন্যা হিমা দাসে ৷ ৫ আগষ্টৰ নিশা ১২.৩৫ বজাত অনুষ্ঠিত ছেমিফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হ’ল হিমা দাস ৷ ০-০১ ছেকেণ্ডৰ ব্যৱধানত তেওঁ ফাইনেললৈ যোগ্যতা অর্জন কৰাত ব্যর্থ হয় ৷ মহিলাৰ ২০০ মিটাৰ ছেমি ফাইনেলত হিমা দাসে দ্বিতীয় স্থান দখল কৰে। ২৩.৪২ ছেকেণ্ডত তেওঁ নির্ধাৰিত লক্ষ্য অতিক্ৰম কৰাৰ বিপৰীতে বিপৰীতে অষ্ট্ৰেলিয়াৰ এলা কনলিয়ে ২৩.৪১ ছেকেণ্ডৰ টাইমিঙেৰে ফাইনেললৈ যোগ্যতা অর্জন কৰে ৷
ইফালে, কমনৱেলথ গেমছ ২০২২ত বজৰং পুনিয়াই ভাৰতক মল্লযুঁজ খেলত প্ৰথমটো সোণৰ পদক প্ৰদান কৰে ৷ তেওঁ পুৰুষৰ ৬৫ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেলত কানাডাৰ লাচলান মেকনিলক পৰাস্ত কৰে। ইয়াৰ কেইমিনিটমান পিছত ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষী মালিকে মহিলা ৬২ কেজি শাখাত কানাডাৰ আনা গ’নজালেজক পৰাস্ত কৰি ভাৰতৰ হৈ মল্লযঁজত দ্বিতীয়টো সোণৰ পদক সংযোজন কৰে। পুৰুষৰ ৮৬ কেজি শাখাত পাকিস্তানৰ মহম্মদ ইনামক পৰাস্ত কৰি দীপক পুনিয়াই তৃতীয়টো স্বৰ্ণ সংযোজন কৰি দেশবাসীক গৌৰাৱন্বিত কৰে ৷