সুৰা নিষিদ্ধ বিহাৰত পুনৰ সংঘটিত হৈছে সুৰা ট্ৰেজেডী ৷ ৰাজ্যখনৰ ছাৰণ জিলাত বিষাক্ত সুৰা সেৱন কৰি এঘাৰজন লোকৰ মৃত্যু হোৱাৰ লগতে ১২জন গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ৷ গুৰুতৰভাৱে অসুস্থ হৈ পৰা লোককেইজনৰ অধিকাংসই চকুৰ হেৰুৱাইছে দৃষ্টিশক্তি ৷ জিলা দণ্ডাধীশ ৰাজেশ মীনা আৰু আৰক্ষী অধীক্ষক সন্তোষ কুমাৰৰ মতে, বিষাক্ত সুৰা প্ৰস্তুত আৰু বিক্ৰীৰ লগত জড়িত থকাৰ অভিযোগত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তদুপৰি সংশ্লিষ্ট থানাৰ এজন আৰক্ষী আৰু স্থানীয় চৌকিদাৰক নিলম্বিত কৰা হৈছে।
মকৰ থানা এলেকাৰ ফুলৱাৰীয়া পঞ্চায়তৰ অন্তৰ্গত গাঁৱত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ পাছতে আৰক্ষী, আবকাৰী আৰু চিকিৎসা বিষয়াৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু অসুস্থ হৈ পৰা লোকসকলক সদৰ হাস্পতালত প্ৰেৰণ কৰে ৷ পাটনা মেডিকেল কলেজ এণ্ড হস্পিতালত চিকিৎসাধীন অৱস্থাত ৯ জনৰ মৃত্যু হয় ৷ তদুপৰি ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰত এজনৰ মৃত্যু হোৱাৰ লগতে প্ৰশাসনে ঘটনা সন্দৰ্ভত গম পোৱাৰ পূৰ্বেই আন এজনৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷
জানিব পৰা মতে শাওণ মাহৰ এটা উৎসৱত গাঁওসমূহত সুৰা সেৱনৰ পৰম্পৰা আছে। ৩ আগষ্টত অনুষ্ঠিত হোৱা এই উৎসৱত স্থানীয় লোকে বিষাক্ত সুৰা সেৱন কৰিছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
২০১৬ চনৰ এপ্ৰিল মাহত নীতিশ কুমাৰ চৰকাৰে বিহাৰত সুৰা বিক্ৰী আৰু সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল। তথাপিও যোৱা বছৰৰ নৱেম্বৰৰ পৰা ৰাজ্যখনত কেইবাটাও বিষাক্ত সুৰা ট্ৰেজেডীৰ সংঘটিত হৈছে ৷ য’ত ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।