অধিবক্তা সকলে পৰিধান কৰা এই বেণ্ড হৈছে এক প্ৰকাৰৰ আনুষ্ঠানিক পৰিধান সামগ্ৰী যাক পাদ্ৰী বা অধিবক্তা সকলে পৰিধান কৰে। এই বেণ্ড হৈছে দুটা বগা ৰঙৰ আয়তাকাৰ কাপোৰৰ টুকুৰা যাক ডিঙিত পিন্ধা হয়। পাদ্ৰীসকলে পিন্ধা এই বেণ্ডবোৰক প্ৰচাৰ বেণ্ড, টেব বা জেনেভা বেণ্ড বুলি কোৱা হয় আনহাতে উকীলসকলে পিন্ধা বেণ্ডবোৰক বেৰিষ্টাৰৰ বেণ্ড বুলি কোৱা হয়।
সপ্তদশ শতিকাৰ মাজভাগত, সাধাৰণ বগা বেণ্ডবোৰ সকলো বিচাৰক, বেৰিষ্টাৰ, শিক্ষাৰ্থী, চাৰ্জেন্ট আৰু ক্লাৰিকেল আৰু একাডেমিকেল পুৰুষৰ ডিঙিত পিন্ধা সামগ্ৰী হিচাপে পৰিগণিত হৈছিল।
আমাৰ দেশত, অধিবক্তাৰ আইন ১৯৬১ত নিৰ্ধাৰণ কৰা হয় যে উচ্চতম ন্যায়ালয়, অধীনস্থ আদালত, উচ্চ ন্যায়ালয়, ন্যায়াধিকৰণ বা যিকোনো কৰ্তৃপক্ষত উপস্থিত হোৱা অধিবক্তাসকলে শান্ত আৰু সন্মানীয় পোছাক পিন্ধাটো বাধ্যতামূলক ৷ অধিবক্তা আইন ১৯৬১ হৈছে ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এক আইন যিয়ে ভাৰতৰ আইনী অনুশীলনকাৰীসকলক নিয়ন্ত্ৰণ কৰে।আমাৰ দেশত অধিবক্তাসকলে ডিঙিত পিন্ধা এই সৰু কাপোৰৰ টুকুৰাটো তেওঁলোকৰ এই বৃত্তিৰ প্ৰতীক। কিয়নো সাধাৰণ ক’লা আৰু বগা পোছাক আমাৰ দেশৰ যিকোনো লোকে পিন্ধিব পাৰে। কিন্তু ডিঙিত পিন্ধা এই বগা নেকবেণ্ড কেৱল আমাৰ দেশৰ উকীলসকলৰ বাবেহে ।
অৱশ্যে এই বগা ডিঙিৰ বেণ্ডবোৰৰ উৎপত্তি হৈছিল ইংলেণ্ডত। পুৰণি ইংৰাজী আদালতত আইনৰ অধিবক্তাসকলে তেওঁলোকৰ ইউনিফৰ্মৰ অংশ হিচাপে বগা বেণ্ড পিন্ধিছিল।
সৰু বগা কাপোৰৰ দুটা টুকুৰা একেলগে যোগ দি উকীলৰ এই নেকবেণ্ড গঠন কৰা হয় যি আইনক প্ৰতিনিধিত্ব কৰে।সেয়েহে এই বেণ্ডবোৰক ওকালতি আৰু ন্যায়পালিকাৰ বৃত্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ক’লা কোট বা বগা চাৰ্ট এজন অধিবক্তাৰ প্ৰতীক নহয় যদিও এই বৃত্তিৰ সকলো ব্যৱহাৰিক উদ্দেশ্যৰ প্ৰতীক অধিবক্তা সকলে ডিঙিত পৰিধান কৰা এই বেণ্ড ৷