মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেয়ে আজি তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰিত কৰি ১৮ জন নতুন মন্ত্ৰীক তেওঁৰ মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত কৰে। ৪০ দিনতকৈও অধিক সময় ধৰি একনাথ চিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ যুটিয়ে দুই সদস্যৰ কেবিনেট হিচাপে কাম কৰি আছিল। আজি মন্ত্ৰীসভাত মুঠ ১৮ জন নতুন মন্ত্ৰীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। অৱশ্যে মন্ত্ৰীসভাৰ নজন ভাৰতীয় জনতা পাৰ্টিৰ ৷ আন নজন শিৱসেনাৰ বিদ্ৰোহী গোটৰ।
১/ৰাধাকৃষ্ণ ভিখে পাটিল, বিজেপি- প্ৰাক্তন কংগ্ৰেছ নেতা যি ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল ৷ শিৰডীৰ এজন বিধায়ক ৷ কংগ্ৰেছ-এনচিপি চৰকাৰত খাদ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।
২/সুধীৰ মুঙ্গাতিৱাৰ, বিজেপি-মহাৰাষ্ট্ৰৰ বল্লাৰপুৰৰ বিধায়ক ৷ তেওঁ ২০১৪ চনৰ পৰা ২০১৯ চনলৈ মহাৰাষ্ট্ৰৰ বিত্ত আৰু পৰিকল্পনা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নীতিন গাডকাৰীৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয় যি ৰাজ্যিক গোটৰ বিজেপি প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
৩/চন্দ্ৰকান্ত পাটিল, বিজেপি-মহাৰাষ্ট্ৰ বিজেপি গোটৰ বৰ্তমানৰ সভাপতি আৰু পুনেৰ এজন বিধায়ক। তেওঁ ২০১৬ ৰ পৰা ২০১৯চনলৈকে ফাডনাভিছ চৰকাৰত ৰাজহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
৪/বিজয় কুমাৰ গাভিট, বিজেপি-ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা আৰু নন্দুৰবাৰৰ এজন বিধায়ক। তেওঁ বিজেপিলৈ আহাৰ আগতে ১৯৯৯ চনৰ পৰা ২০১৪ চনলৈ এনচিপিৰ সৈতে জড়িত আছিল।
৫/গিৰীশ মহাজন, বিজেপি-ৰাজ্যখনৰ জামনাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৷ তেওঁ দেৱেন্দ্ৰ ফাডনাভিছ মন্ত্ৰীসভাত জল সম্পদ, চিকিৎসা, শিক্ষা মন্ত্ৰী আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
৬/গুলাব্ৰাও পাটিল, শিৱসেনা-শিৱসেনাৰ শিন্দে গোটৰ এজন নেতা ৷ তেওঁ জলগাওঁ গ্ৰাম্য বিধানসভা সমষ্টিৰ এজন বিধায়ক। তেওঁ ২০১৯ ৰ পৰা ২০২২ চনৰ ভিতৰত মহাৰাষ্ট্ৰৰ পানী যোগান আৰু অনাময় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
৭/সুৰেশ খাদে, বিজেপি-২০১৪ চনৰ পৰা মিৰাজৰ বিধান সভাৰ সদস্য ৷ ২০১৯ চনত দেৱেন্দ্ৰ ফাডনাভিছ মন্ত্ৰীসভাত সামাজিক ন্যায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।
৮/ ৰবীন্দ্ৰ চাভান, বিজেপি-ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা যি ২০০৯, ২০১৪ আৰু ২০১৯ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ৰাজ্যখনৰ ডম্বীৱালী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।
৯/ মঙ্গল প্ৰভাত লোধা, বিজেপি- এজন ব্যৱসায়ী আৰু ৰাজনীতিবিদ ৷তেওঁ বিজেপিৰ মুম্বাই গোটৰ সভাপতি যি দক্ষিণ মুম্বাইৰ মালাবাৰ হিল সমষ্টিক প্ৰতিনিধিত্ব কৰে।
১০/অতুল চেভ, বিজেপি-ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা, চেভ ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত ঔৰঙ্গাবাদ পূব বিধানসভা সমষ্টিত জয়ী হৈছিল।
১১/ দাদাজী ভুচে, বিজেপি -তিনিবাৰ বিধায়ক নিৰ্বাচিত হোৱা ভুচেয়ে মালেগাঁও বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী আৰু কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১২/ শম্ভুৰাজে দেশাই, শিৱসেনা-দেশাই এজন শিৱসেনাৰ নেতা আৰু ৰাজ্যখনৰ পাটন বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তিনিবাৰ বিধায়ক নিৰ্বাচিত হোৱা তেওঁ ২০১৯ আৰু ২০২২ চনৰ পৰা মহাৰাষ্ট্ৰৰ পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
১৩/ সন্দীপানৰাও ভুমৰে, শিৱসেনা-শিৱসেনাৰ বিচ্ছিন্ন গোটৰ এজন নেতা, ভুমৰেয়ে ৰাজ্যখনৰ পাইথান বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ উদ্যানপালন মন্ত্ৰী আৰু নিযুক্তি গেৰাণ্টি আঁচনিমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
১৪/উদয় সামন্ত, শিৱসেনা-ৰত্নগিৰি বিধানসভা সমষ্টিৰ বিধায়ক যি এনচিপিৰ পৰা শিৱসেনাত যোগদান কৰিছিল আৰু একেৰাহে চাৰিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
১৫/ তানাজী সাৱন্ত, শিৱসেনা-পৰন্দা বিধানসভা সমষ্টিৰ বিধান সভাৰ বৰ্তমানৰ সদস্য ৷ উদ্ধৱ ঠাকৰেৰ পৰা বিচ্ছিন্ন হোৱা বিদ্ৰোহী বিধায়কসকলৰ অংশ আছিল। তেওঁ আগতে জল সংৰক্ষণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৬/ আব্দুল সাত্তাৰ, শিৱসেনা-চিলোড বিধানসভা সমষ্টিৰ এজন বিধায়ক, তেওঁ ২০১৪ চনত কংগ্ৰেছ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত, তেওঁ কংগ্ৰেছ ত্যাগ কৰে আৰু শিৱসেনাত যোগদান কৰে।
১৭/ দীপক কেচৰকাৰ, শিৱসেনা-শিৱসেনাৰ এজন নেতা কেচৰকাৰে সাৱন্তৱাড়ী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ বিত্ত আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
১৮/ সঞ্জয় ৰাথোড়, শিৱসেনা-দিগ্ৰাছ বিধানসভা সমষ্টিৰ এজন বিধায়ক ৰাথোড়ে ডিচেম্বৰ, ২০১৪ ত ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যেতিয়া তেওঁ ৰাজহ দপ্তৰ পৰিচালনা কৰিছিল।