ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ সৈতে মিত্ৰতাৰ সমাপ্তি ঘটাই জনতা দল (ইউনাইটেড)ৰ নেতা নীতিশ কুমাৰে আজি পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে আনহাতে তেজস্বী যাদৱ হ’ব ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ৷ এবাৰ দুবাৰ নহয় অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে ক্ষমতালৈ আহিব নীতিশ কুমাৰ।কুমাৰৰ নতুন মিত্ৰজোঁটৰ অংশীদাৰ আৰজেডিৰ টুইট অনুসৰি, আজি দুপৰীয়া ২ বজাত ৰাজভৱনত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান ।যদিও আৰজেডিৰ টুইটত কোনো নাম উল্লেখ কৰা হোৱা নাই তথাপি এইটো ব্যাপকভাৱে আশা কৰা হৈছে যে নীতিশ কুমাৰেই হ’ব বিহাৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ।
তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত এক আলোকপাত –
- ১৯৮৯ চনত, নীতিশ কুমাৰে জনতা দলক সমৰ্থন কৰি বিহাৰ বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে লালু প্ৰসাদ যাদৱক সমৰ্থন কৰিছিল। অৱশ্যে ১৯৯৪ চনত তেওঁ জৰ্জ ফাৰ্ণাণ্ডেজৰ সৈতে সমতা পাৰ্টি আৰম্ভ কৰিছিল।
- ১৯৯৬ চনত বিজেপিৰ সৈতে মিত্ৰতা কৰি তেওঁ অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ।
- ২০২০ চনৰ মাৰ্চ মাহত নীতিশ কুমাৰে সাত দিনতকৈ কম সময় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
- ২০০৩ চনত, সমতা পাৰ্টি শৰদ যাদৱৰ জনতা দলৰ সৈতে একত্ৰিত হয় ৷ আনহাতে বিজেপিৰ সৈতেও ইয়াৰ মিত্ৰতা অব্যাহত থাকে। একে বছৰতে জনতা দল (ইউনাইটেড) গঠন কৰা হয়।
- ২০০৫ চনত, বিজেপিৰ সৈতে মিত্ৰতা কৰি, জেডি(ইউ) এন ডি এ সদস্য হিচাপে পুনৰ ক্ষমতালৈ আহিছিল তেওঁ।
- ২০১০ চনত, নীতিশৰ দল বিজেপিৰ সৈতে মিত্ৰদল হিচাপে ক্ষমতালৈ আহিছিল আৰু তেওঁ পুনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ।
- কিন্তু ২০১৩ চনত, জেডিইউ নেতাজনে ১৭ বছৰৰ পিছত বিজেপিৰ সৈতে তেওঁৰ দলৰ সম্পৰ্ক সমাপ্ত কৰে। পিছত, তেওঁ কংগ্ৰেছৰ সমৰ্থনত আস্থা ভোট লাভ কৰে কিন্তু ২০১৪ চনত তেওঁ পুনৰ পদত্যাগ কৰে। অৱশ্যে, এবছৰৰ ভিতৰত, কুমাৰ আৰজেডি আৰু কংগ্ৰেছৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিচাপে ক্ষমতালৈ ঘূৰি আহে।
- ২০১৭ চনত,ৰাজ্যিক বিধানসভা নিৰ্বাচনত জেডি(ইউ),কংগ্ৰেছ আৰু আৰজেডিৰ মহাজোটে জয়লাভ কৰে। কিন্তু উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ ধন ৰপ্তানিৰ এক গোচৰক কেন্দ্ৰ কৰি মাত্ৰ দুবছৰৰ ভিতৰতে মিত্ৰজোঁটৰ পতন ঘটে । ইয়াৰ পিছতে নীতিশে এই মিত্ৰতা সমাপ্ত কৰি পুনৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু বিজেপিৰ পৰা সমৰ্থন পোৱাৰ পিছত ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত কাৰ্যালয়লৈ ঘূৰি আহে।
- ২০২০ চনত, কুমাৰে বিজেপিৰ সমৰ্থনত সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নিৰ্বাচনত, এন ডি এয়ে ২৪৩ খন আসনৰ শক্তিশালী বিহাৰ বিধানসভাত ১২৫ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে যাৰ ভিতৰত বিজেপিয়ে ৭৪ খন আসনত, জেডি(ইউ)য়ে ৪৩ খন আসনত জয়লাভ কৰে আৰু আঠখন আসনত জয় লাভ কৰে এন ডি এৰ আন দুটা সংগঠনে । আৰজেডিয়ে ৭৫ খন আসন লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে ৷ আনহাতে কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰা মুঠ ৭০ খন আসনৰ ভিতৰত মাত্ৰ ১৯ খন আসনহে লাভ কৰে।
- ইয়াৰ পিছতেই কুমাৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন (বিজেপি) ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সৈতে তেওঁৰ মিত্ৰতা সমাপ্ত কৰে আৰু আৰজেডিৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰে ৷
উল্লেখযোগ্য যে যোৱা ৯ আগষ্টত ৭১ বছৰীয়া নীতিশ কুমাৰে এন ডি এ মিত্ৰজোঁটৰ নেতৃত্বৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰি ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত ১৬৪ জন বিধায়কৰ এখন তালিকা দাখিল কৰে।
এই সন্দৰ্ভত এলজেপি নেতা চিৰাগ পাছৱানে নীতিশ কুমাৰৰ বিৰুদ্ধে পুনৰ এবাৰ জনসাধাৰণৰ আদেশক “অপমান” কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ পিছত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়। বিজেপিৰ সমৰ্থনত ওলাই আহি তেওঁ কৈছিল যে গেৰুৱা দলে কুমাৰে মুখ্যমন্ত্ৰী হিচাপে বিচৰা সকলোখিনি গ্ৰহণ কৰিছিল ৷ আনকি নিজৰ নীতিৰ সৈতেও আপোচ কৰিছিল দলটোৱে ।