উত্তৰ-পূব ভাৰতক ড্ৰোণ প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপৰ এক অংশ হিচাপে গুৱাহাটীত ইয়াৰ প্ৰথম দূৰৱৰ্তী পাইলট প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ কৰা হয়। ‘অসম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডে’ (এএমটিআৰএন) প্ৰকল্পটোৰ বাবে আইআইটি-গুৱাহাটীত ইনকিউবেট কৰা ষ্টাৰ্ট-আপ এডুৰাডে আৰু আইআইএম-কলিকতাৰ সহযোগিতাত এই পদক্ষেপ গ্ৰহণ কৰে ।
মঙলবাৰে অসমৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশব মহন্তই ড্ৰোণ বিদ্যালয়খন উদ্বোধন কৰে আৰু কয় যে বিশেষজ্ঞৰ পৰা প্ৰশিক্ষণ লাভ কৰাৰ পিছত যুৱক-যুৱতীসকলে দেশৰ যিকোনো স্থানত আৰু যিকোনো ক্ষেত্ৰতে কাম কৰিব পাৰিব । জানিব পৰা মতে বিদ্যালয়খনত পাইলট অনুজ্ঞা পত্ৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ (ডিজিচিএ) দ্বাৰা প্ৰমাণিত প্ৰশিক্ষকো থাকিব ।
গুৱাহাটীৰ জালুকবাৰীৰ অসম বন বিদ্যালয়ত ইয়াৰ উৰণভূমিৰ সৈতে টেক চিটিত স্থাপন কৰা হৈছে এই ড্ৰোণ প্ৰশিক্ষণ বিদ্যালয় । এএমটিআৰএন-এ প্ৰশিক্ষণৰ উদ্দেশ্যে দুটা মাইক্ৰ’ শ্ৰেণী আৰু দুটা সৰু শ্ৰেণীৰ থলুৱা ড্ৰোণ অধিগ্ৰহণ কৰা হৈছে বুলিও বিষয়াসকলে জানিবলৈ দিয়ে।
উল্লেখনীয় যে যোৱা বছৰ হাৰিয়ানাত ভাৰতৰ প্ৰথমখন ডিজিচিএ অনুমোদিত ড্ৰোণ প্ৰশিক্ষণ বিদ্যালয় উদ্বোধন কৰা হৈছিল।