পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল তথা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) প্ৰাৰ্থী জগদীপ ধনখৰে আজি ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। আজি পুৱা ১১:৪৫ বজাত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদি মূৰ্মুয়ে তেওঁৰ শপত গ্ৰহণ কৰিব।
৬ আগষ্টত, ধনখৰে বিৰোধীদলৰ মাৰ্গাৰেট আলভাক পৰাস্ত কৰি উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। তেওঁ আলভাৰ ১৮২টা ভোটৰ বিপৰীতে ৫২৮ টা ভোট লাভ কৰি বিজয়ী হয়।
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেয়ে ৭ আগষ্টত যুটীয়াভাৱে ‘ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে জগদীপ ধনখৰৰ নিৰ্বাচনৰ প্ৰমাণপত্ৰ’ত স্বাক্ষৰ কৰে।উল্লেখ্য যে ৭৪.৩৬ শতাংশ ভোটৰ সৈতে ১৯৯৭ চনৰ পৰা অনুষ্ঠিত যোৱা মুঠ ছয়টা উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানেৰে জয় লাভ কৰিছে ধনখৰে ।
উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে মুঠ ৭৮০ জন ভোটাৰৰ ভিতৰত ৭২৫ জনে ভোটদান কৰিছিল কিন্তু ইয়াৰে ১৫ টা ভোট আছিল অবৈধ । আনহাতে ভোটদানৰ হাৰ আছিল ৯২.৯৪ শতাংশ ৷ বিষয়াগৰাকীয়ে কয় যে এজন প্ৰাৰ্থীক নিৰ্বাচিত হ’বলৈ ৩৫৬ টা ভোটৰ প্ৰয়োজন।
আনহাতে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰায় ৫৫ জন সাংসদে ভোট দান কৰা নাছিল। লোকসভাত ২৩ জনসহ মুঠ ৩৬ জন সাংসদ থকা তৃণমূল কংগ্ৰেছ নিৰ্বাচনৰ পৰা বিৰত আছিল। অৱশ্যে, ইয়াৰ দুজন সাংসদে ভোটদান কৰিছিল।
ক’ত কেতিয়া জন্ম গ্ৰহণ কৰিছিল ধনখৰে?
ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এখন গাঁৱৰ এটা কৃষকৰ পৰিয়ালত ১৯৫১ চনৰ ১৮ মে’ তাৰিখে ভাৰতৰ নৱনিৰ্বাচিত উপৰাষ্ট্ৰপতি ধনখৰৰ জন্ম হৈছিল। তেওঁ চিতোৰগড়ৰ সৈনিক স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা এলএলবি সম্পূৰ্ণ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যখনৰ এজন আগশাৰীৰ অধিবক্তা হৈ পৰিছিল।
৭১ বছৰীয়া ধনখৰে ৰাজস্থান উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয় দুয়োটাতে অনুশীলন কৰিছে। তেওঁ ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত জনতা দলৰ টিকটত ঝুনঝুনুৰ পৰা সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল।
১৯৯০ চনত সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। ধনখৰে পিছত ৰাজ্যৰ ৰাজনীতিলৈ মনোনিবেশ কৰিছিল আৰু ১৯৯৩ চনত আজমেৰ জিলাৰ কিষাণগড় সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হৈছিল।
ধনখৰক ২০১৯ চনত পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা হোৱাৰ পিছত তেওঁ ১৭ জুলাইত পশ্চিম বংগৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে।
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদ, যাক ৰাজ্যসভা আৰু লোকসভাৰ সদস্যৰ দ্বাৰা এক নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচন কৰা হয়।