শিক্ষাৰ্থীসকলৰ মাজত ৰাষ্ট্ৰীয় দায়বদ্ধতাৰ অনুভূতি জাগ্ৰত কৰিবলৈ সাহসী ভাৰতীয় জোৱানসকলৰ কাহিনী বিদ্যালয়ৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনালে দেশৰ শিক্ষা মন্ত্ৰীয়ে ৷ ভাৰতীয় সৈনিকসকলৰ দ্বাৰা প্ৰদৰ্শিত বীৰত্বক বিদ্যালয়ৰ পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব বুলি ১২ আগষ্টত ঘোষণা কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ।
যিহেতু সমগ্ৰ ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছে সেই উপলক্ষে এক বিবৃতিত তেওঁ উল্লেখ কৰে যে বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক সৰুৰে পৰা ভাৰতীয় সেনাৰ সীমাহীন অৱদানৰ বিষয়ে অৱগত কৰা প্ৰয়োজন। আনহাতে তেওঁ ইয়াক ভাৰতৰ সাহসী বীৰ সকলক সন্মান জনোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় বুলি বিবেচনা কৰে ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ‘বীৰ গাথা’ প্ৰকল্পৰ অংশ হিচাপে আয়োজিত এক সমাৱেশক সম্বোধন কৰি তেওঁ এই কথা কয় যে কম বয়সতে “ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতা” অনাৰ ক্ষেত্ৰত এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । এই সন্দৰ্ভত, শিক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি ভাৰতীয় সৈনিকসকলৰ বীৰত্ব অন্তৰ্ভুক্ত কৰা কাহিনীৰ ওপৰত কাম কৰি আছে আৰু ভাৰতৰ ৭৫ বছৰৰ ‘বীৰগাথা’ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিছে।
লগতে তেওঁ নাগৰিকসকলক বিভাজনৰ ভয়াবহতা প্ৰদৰ্শন কৰা প্ৰদৰ্শনীসমূহ পৰিদৰ্শন কৰিবলৈও আহ্বান জনায় আৰু কয় যে বিভিন্ন ৰাজহুৱা স্থানসমূহ যেনে ৰে’ল ষ্টেচন, বিমানবন্দৰ, শিক্ষানুষ্ঠান আদিৰ দ্বাৰা প্ৰদৰ্শনী স্থাপনৰ বাবে সহযোগিতামূলক প্ৰচেষ্টা কৰা হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ এই ঘোষণা কৰাৰ পিছত ই হ’ব বীৰসকলক স্মৰণ কৰাৰ দ্বিতীয় বছৰ ৷আনহাতে ১৪ আগষ্টৰ দিনটো সমগ্ৰ দেশতে ‘বিভাজন ভয়াৱহতা স্মৰণ দিৱস’ হিচাপে পালন কৰা হ’ব।
উল্লেখযোগ্য যে ‘বীৰ গাঁথা’ প্ৰতিযোগিতাখন যোৱা বছৰ সশস্ত্ৰ বাহিনীৰ বীৰত্বপূৰ্ণ কামৰ সজাগতা বিয়পোৱাৰ ধাৰণাৰে আয়োজন কৰা হৈছিল। দেশজুৰি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহত ৪,৭৮৮ খন বিদ্যালয়ৰ ৮,০৪,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ যোগেদি শিক্ষাৰ্থীসকলক সেনা জোৱান সকলৰ সাহসিকতাৰ বিভিন্ন কাৰ্য আৰু জীৱনৰ বিষয়ে অৱগত কৰা হৈছিল ।কেইবাটাও পৰ্যায়ৰ মূল্যাঙ্কনৰ পিছত এই বছৰ ইয়াৰ ফলাফল প্ৰকাশ কৰা হৈছিল আৰু ২৫ জন বিজয়ীক “চুপাৰ-২৫” হিচাপে ঘোষণা কৰা হৈছিল।
আনহাতে শিক্ষা মন্ত্ৰালয়ে আশ্বাস দিছিল যে তেওঁলোকে শীঘ্ৰেই এনে প্ৰতিযোগিতাত জয়ী হোৱা সকলক পুৰস্কৃত কৰা আৰু স্বীকৃতি দিয়াৰ বাবে এক প্ৰতিষ্ঠানগত প্ৰণালী বিকশিত কৰিব। লগতে মন্ত্ৰী গৰাকীয়ে “চুপাৰ সেনা ২৫” ৰ অধীনত প্ৰতিযোগিতাসমূহ অব্যাহত ৰখাৰ পৰামৰ্শ দিছিল।