বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ পাছত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি কেইবাটাও গুৰুত্বপূর্ণ ঘোষণা কৰে ৷ বিজেপিৰে মিত্ৰতা ভংগ কৰি লালু প্ৰসাদ যাদৱৰ নেতৃত্বাধীন আৰজেডিৰ সৈতে মিত্ৰতা কৰা মুখ্যমন্ত্ৰী কুমাৰে ১০ লাখ চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিছে ৷ তদুপৰি আন বিভিন্ন ক্ষেত্ৰত অতিৰিক্তভাৱে ১০ লাখ চাকৰি প্ৰদান কৰাৰ কথাও আজিৰ ভাষণত উনুকিয়াই নীতিশ কুমাৰে ৷
স্বাধীনতা দিৱস উপলক্ষে পাটনাৰ গান্ধী ময়দানত ভাষণ দি কুমাৰে কয় যে ৰাষ্ট্ৰীয় জনতা দল আৰু জনতা দল (সংযুক্ত) মিত্ৰজোঁট চৰকাৰে কমেও ১০ লাখ চৰকাৰী চাকৰি আৰু অতিৰিক্ত ১০ লাখ বিভিন্ন খণ্ডত “নিয়োগ” প্ৰদান কৰিবলৈ পৰিকল্পনা আছে ৷ সংস্থাপনৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিবলৈ তেওঁ সকলোপ্ৰকাৰে চেষ্টা কৰিব বুলি উল্লেখ কৰি কয়-‘ৰাজ্যৰ যুৱপ্ৰজন্মৰ বাবে চাকৰি আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে আমি সর্বতোপ্ৰকাৰৰ চেষ্টা চলাম ৷ এইক্ষেত্ৰত আমি সফল হ’লে এই সংখ্যা ২০ লাখলৈ লৈ যাব বিচাৰো।’
লক্ষণীয় যে বিৰোধীৰ আসনত বহি থকা অৱস্থাত বর্তমানৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে ১০ লাখ চাকৰি প্ৰদান কৰিব বুলি নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷