বলীউডৰ জনপ্ৰিয় অভিনেতা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ প্ৰথম সন্তানৰ জন্মৰ আগতেই ইটালী ভ্ৰমণ কৰি স্বাধীনতা দিৱসৰ আগমূহুৰ্তত মুম্বাইলৈ উভতি আহিছে। ইনষ্টাগ্ৰামত প্ৰচাৰ হোৱা এটা ভিডিঅ’ৰ যোগেদি দম্পতীহালে সোমবাৰে নিশা মুম্বাই বিমানবন্দৰৰ পৰা প্ৰস্থান কৰা বুলি অনুৰাগী সকলে জানিব পাৰিছিল ৷
বিমান বন্দৰৰ বাহিৰত ভৰি দিয়াৰ লগে লগে ৰণবীৰে অনুৰাগীসকলৰ ফালে চাই হাত জোকাৰিছিল আৰু আলিয়াৰ পিছে পিছে খোজ কাঢ়ি তেওঁলোক গাড়ীলৈ আগবাঢ়িছিল।
ভিডিঅ’টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অনুৰাগীসকলে অভিনেতা দুগৰাকীক মৰমেৰে ওপচাই দিছিল।
এজন ব্যক্তিয়ে মন্তব্যত লিখিছিল, “প্ৰিয় তাৰকা”। আন এজনে মন্তব্য কৰিছিল, “তেওঁ আলিয়াৰ পিছে পিছে খোজ কাঢ়ি যোৱাৰ ধৰণটো মই সদায় ভাল পাওঁ। ইফালে ” আন এজন অনুৰাগীয়ে কৈছিল , “ইমান মৰমলগা! শ্ৰেষ্ঠ দম্পতি।” আকৌ এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল “তেওঁক সুৰক্ষা দিবলৈ সদায় পিছে পিছে খোজ কাঢ়ি যাওঁক” ।
শেহতীয়াকৈ আলিয়া আৰু ৰণবীৰে তেওঁলোকৰ বেবীমুনৰ বাবে ইটালী ভ্ৰমণ কৰিছিল। ভাৰতলৈ উভতি অহাৰ আগতে আলিয়াই তেওঁলোকৰ আহিবলগীয়া চলচ্চিত্ৰ ‘ব্ৰহ্মাস্ত্ৰ’ৰ দেৱ দেৱ গানটোত ৰণবীৰৰ এটা সৰু ক্লিপ পোষ্ট কৰিছিল। তেওঁৰ ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছিল যে ৰণবীৰ তেওঁৰ জীৱনৰ পোহৰ। লগতে তেওঁ কেইবাটাও জুইৰ ইমোজিও ব্যৱহাৰ কৰিছিল। ভিডিঅ’টোত এক মনোমোহা পৰিবেশত ৰণবীৰ এখন দেৱালত বহি আছিল ।
আলিয়াই ঘোষণা কৰিছিল যে তেওঁ এই বছৰৰ জুনত ৰণবীৰৰ সৈতে তেওঁৰ প্ৰথম সন্তানৰ আশা কৰিছে। তেওঁলোকে বহু বছৰ প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই থকাৰ পিছত ১৪ এপ্ৰিলত ৰণবীৰৰ মুম্বাইৰ বাসভৱনত বিবাহ পাশত আৱদ্ধ হৈছিল।
দম্পতীহালক প্ৰথমবাৰৰ বাবে ‘ব্ৰহ্মাস্ত্ৰ প্ৰথম খণ্ড: শিৱ’ত একেলগে দেখা যাব, যিটো ত্ৰিলজীৰ প্ৰথম অংশ হ’ব। ছবিখনে এই বছৰৰ ৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব। ছবিখনত জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন, মৌনী ৰয় আৰু নাগা চৈতন্যয়ো মুখ্য চৰিত্ৰত অভিনয় কৰিছে।