মণি ৰত্নমৰ জনপ্ৰিয় ছবি ‘বোম্বে’ত শ্ৰেষ্ঠ অভিনয় আগবঢ়োৱা অভিনেত্ৰী মনীষা কৈৰালাক প্ৰথম অৱস্থাত ছবিখনৰ বাবে চুক্তিবদ্ধ নহ’বলৈ কোৱা হৈছিল। যি কথা অভিনেত্ৰী গৰাকীয়ে নিজেই প্ৰকাশ কৰিছিল ৷ কিন্তু মণি ৰত্নমৰ এখন চলচ্চিত্ৰ অস্বীকাৰ কৰাটো মূৰ্খতা হ’ব বুলি আন এজনে তেওঁক পৰামৰ্শ দিছিল যাৰ ফলত পৰৱৰ্তী সময়ত তেওঁ ছবিখনত শক্তিশালী অভিনয় প্ৰদৰ্শন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
অভিনেত্ৰী মনীষা কৈৰালা ৯০ৰ দশকৰ আটাইতকৈ জনপ্ৰিয় অভিনেতাসকলৰ ভিতৰত এগৰাকী যিয়ে ১৯৯১ চনত তেওঁৰ প্ৰথম ছবি ‘সৌদাগৰ’ৰ পিছত খ্যাতি লাভ কৰিছিল। বহু কেইখন জনপ্ৰিয় চলচ্চিত্ৰৰ ভিতৰত তেওঁ অভিনয় কৰা চলচ্চিত্ৰ নিৰ্মাতা মণি ৰত্নমৰ ‘বোম্বে’ এতিয়াও তেওঁৰ শ্ৰেষ্ঠ অভিনয়সমূহৰ ভিতৰত এক বুলি বিশ্বাস কৰা হয়। অৱশ্যে, তেওঁ নিজেই এবাৰ এই কথা প্ৰকাশ কৰিছিল যে তেওঁক ‘বোম্বে’ ছবিখনৰ বাবে চুক্তিবদ্ধ নহ’বলৈ কোৱা হৈছিল ।
এই সন্দৰ্ভত তেওঁ কৈছিল যে যেতিয়া তেওঁক ‘বোম্বে’ চলচ্চিত্ৰখনৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল, মানুহে তেওঁক ছবিখনত অভিনয় নকৰিবলৈ কৈছিল কাৰণ তেওঁ ২০ বছৰ বয়সতে মাতৃৰ চৰিত্ৰত অভিনয় কৰি আছিল আৰু তেওঁলোকে ভাবিছিল যে পৰৱৰ্তী ১০ বছৰত তেওঁ আইতাৰ ভূমিকা ল’ব। কিন্তু সেইসময়ত তেওঁ আন এজন বুদ্ধিমান লোকৰ কথা শুনিছিল যিয়ে তেওঁক মণি ৰত্নমৰ এখন চলচ্চিত্ৰ অস্বীকাৰ কৰাটো মূৰ্খতা হ’ব বুলি কৈছিল । ।
মণি ৰত্নমৰ দ্বাৰা পৰিচালিত ‘বোম্বে’ত অৰবিন্দ স্বামীৰ বিপৰীতে অভিনয় কৰিছিল মনীষাই । বোলছবিখন কাহিনী বোম্বাইৰ এজন আন্তঃধৰ্মীয় দম্পতী আৰু বাবৰি মছজিদ ধ্বংসৰ পিছত বোম্বাই দাঙ্গাৰ সময়ত তেওঁলোকৰ সংগ্ৰামৰ ওপৰত আধাৰিত। অনিল কাপুৰ অভিনীত মনীষাৰ আন এখন হিট ছবি ‘১৯৪২: এ লাভ ষ্টৰী’ৰ এবছৰ পিছতে মুক্তি লাভ কৰিছিল ‘বোম্বে’ ছবিখনে।
মনীষাক শেষবাৰৰ বাবে সঞ্জয় দত্তৰ জীৱনীমূলক ছবি ‘সঞ্জু’ত দেখা গৈছিল। চলচ্চিত্ৰখনত, তেওঁ ৰণবীৰ কাপুৰৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰিও, তেওঁক নেটফ্লিক্সৰ ‘মাস্কা’তো দেখা গৈছিল। নীৰজ উধৱানীৰ দ্বাৰা পৰিচালিত ‘মাস্কা’ত জাভেদ জাফৰী, নিকিতা দত্ত, প্ৰীত কামানি আৰু চাৰ্লি চেতিয়াও আছিল। জানিবপৰা মতে কাৰ্তিক আৰ্যনৰ আহিবলগীয়া ‘শ্বেহজাদা’ৰ অংশ হিচাপে দেখাৰ সম্ভাৱনা আছে অভিনেত্ৰী গৰাকীক।
এসময়ত কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়া মনীষাই কৰ্মক্ষেত্ৰলৈ উভতি অহাৰ বিষয়ে কথা পাতি কৈছিল যে তেওঁ বস্তুবোৰ অলপ লাহে-ধীৰে কৰিবলৈ বিচাৰে। তেওঁৰ মতে ২০ বছৰীয়া মানুহ এজনৰ অধিক শক্তি আৰু উৎসাহ থাকে। কিন্তু ৪০ৰ দশকত লাহে লাহে ইয়াৰ গতি লেহেমীয়া হয় ৷ মানুহৰ পৃথিৱীখন চোৱাৰ দৃষ্টিভংগী সলনি হয় আৰু তেওঁ এজন বেলেগ ব্যক্তি হৈ পৰে ৷।