আমি বাস কৰা গ্ৰহটোলৈ পানী ক’ৰ পৰা আহিল ? সেই সন্দর্ভত মহাকাশ গৱেষণা সংস্থাসমূহে বিভিন্ন সময়ত গৱেষণা চলাই আহিছে ৷ ইয়াৰ মাজতে পৃথিৱীত পানীৰ উৎসক লৈ গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিছে ৷ জাপানৰ মহাকাশ অভিযানৰ তথ্যৰ পৰা প্ৰকাশ পোৱা অনুসৰি সৌৰজগতৰ বাহিৰৰ পৰা গ্ৰহাণুৰ জৰিয়তে পৃথিৱীত পানীৰ সৃষ্টি হৈছে ৷ । ২০২০ চনত ৰ্যুগু গ্ৰহাণুৰ পৰা পৃথিৱীলৈ অনা বিৰল নমুনাৰ বিশ্লেষণৰ পাছত শেহতীয়াকৈ এই তথ্য প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে জীৱৰ উৎপত্তি আৰু বিশ্বব্ৰহ্মাণ্ডৰ গঠনৰ বিষয়ে অধিক জানিবলৈ জাপানী মহাকাশ অনুসন্ধানকাৰী হায়াবুছা-২ গ্ৰহাণুটোৰ ওপৰত অৱতৰণ কৰি ইয়াৰ পৃষ্ঠত এটা “ইম্পেক্টৰ” নিক্ষেপ কৰিছিল ৷ ইয়াৰ জৰিয়তে গ্ৰহাণুটোৰ ৫.৪ গ্ৰাম (০.২ আউন্স) শিল আৰু ধূলি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।
নেচাৰ এষ্ট্ৰ’নমী নামৰ আলোচনীখনত প্ৰকাশিত এক নতুন গৱেষণা পত্ৰত বিজ্ঞানীসকলে কয় যে কোটি কোটি বছৰৰ আগতে পৃথিৱীত মহাসাগৰসমূহ কেনেকৈ আৱিৰ্ভাৱ হৈছিল সেয়া বুজিবলৈ ৰ্যুগু নমুনাই সহায় কৰিব পাৰে। ইয়াৰ পূৰ্বে জুন মাহত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছিল যে বিজ্ঞানীসকলে কিছুমান জৈৱিক পদাৰ্থৰ সন্ধান লাভ কৰিছে যিয়ে দেখুৱাইছে যে পৃথিৱীত জীৱৰ শৰীৰত থকা এমিনো এচিড হয়তো মহাকাশত গঠিত হৈছে।
প্ৰকাশিত অধ্যয়নটোত কোৱা হৈছে যে, “অস্বাভাৱিক আৰু জৈৱিক সমৃদ্ধ চি টাইপৰ গ্ৰহাণু হয়তো পৃথিৱীৰ পানীৰ অন্যতম মূল উৎস আছিল। অস্বাভাৱিক পদাৰ্থ (অৰ্থাৎ জৈৱিক আৰু পানী) পৃথিৱীলৈ প্ৰেৰণ কৰাটো এতিয়াও উল্লেখযোগ্য বিতৰ্কৰ বিষয় হৈ আছে। কিন্তু এই অধ্যয়নত চিনাক্ত কৰা “ৰ্যুগু কণাত পোৱা জৈৱিক পদাৰ্থই সম্ভৱতঃ অস্বাভাৱিক পদাৰ্থৰ এটা গুৰুত্বপূৰ্ণ উৎসক প্ৰতিনিধিত্ব কৰে।“
২০১৪ চনত প্ৰায় ৩০ কোটি কিলোমিটাৰ দূৰৈৰ ৰ্যুগুলৈ প্ৰেৰণ কৰা হায়াবুছা-২ দুবছৰ পূৰ্বে পৃথিৱীৰ কক্ষপথলৈ ঘূৰি আহিছিল। ই লগত লৈ আহিছিল শিল-মাটিৰ নমুনা থকা এটা কেপচুল। অধ্যয়নটোত কোৱা হৈছে যে, “ৰ্যুগু কণাসমূহ নিঃসন্দেহে পৰীক্ষাগাৰৰ অধ্যয়নৰ বাবে উপলব্ধ আটাইতকৈ অদূষিত সৌৰজগতৰ সামগ্ৰীসমূহৰ ভিতৰত অন্যতম আৰু এই বহুমূলীয়া নমুনাসমূহৰ চলি থকা অনুসন্ধানে নিশ্চিতভাৱে সৌৰজগতৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰিব।”