বিশ্বব্যাপী দুৰ্ভিক্ষৰ প্ৰভাৱত আধুনিক পাৰমাণৱিক যুদ্ধত পাঁচ বিলিয়ন লোকৰ মৃত্যু হ’ব ৷ আনহাতে বায়ুমণ্ডলত সূৰ্যৰ পোহৰ অৱৰুদ্ধ কৰাৰ ফলত হোৱা মাৰাত্মক বিস্ফোৰণৰ ফলত বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা আছে।
ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ছয়টা সাম্ভাব্য পাৰমাণৱিক সংঘৰ্ষৰ পৰিস্থিতিৰ প্ৰভাৱবোৰৰ বিষয়ে এক অধ্যয়ন কৰিছিল। নেচাৰ ফুড আলোচনীত প্ৰকাশিত এক অধ্যয়নত তেওঁলোকে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত হোৱা এক পৰমাণু যুদ্ধই আধাতকৈও অধিক মানুহক পৃথিৱীৰ পৰা নিঃশেষ কৰিব ।
আনহাতে গৱেষকসকলে ৰাষ্ট্ৰীয় বায়ুমণ্ডলীয় গৱেষণা কেন্দ্ৰৰ দ্বাৰা সমৰ্থিত জলবায়ু পূৰ্বানুমান সঁজুলি ব্যৱহাৰ কৰিছিল, যিয়ে তেওঁলোকক বিভিন্ন দেশ-অনুসৰি মুখ্য শস্যৰ উৎপাদনশীলতা অনুমান কৰিবলৈ অনুমতি দিছিল। তুলনামূলকভাৱে সংঘৰ্ষৰ ফলত বিশ্বব্যাপী খাদ্য উৎপাদনৰ বাবে ধ্বংসাত্মক পৰিণতি হ’ব বুলিও তেওঁলোকে আশংকা কৰিছে । ভাৰত আৰু পাকিস্তানৰ মাজত এক স্থানীয় যুঁজত পাঁচ বছৰৰ ভিতৰত শস্যৰ উৎপাদন আনুমানিক ৭% হ্ৰাস পাব বুলি অধ্যয়নটোৱে পৰামৰ্শ দিছে ৷ আনহাতে এই অধ্য়য়ন অনুসৰি আমেৰিকা-ৰাছিয়া যুদ্ধত তিনিৰ পৰা চাৰি বছৰৰ ভিতৰত উৎপাদন ৯০% হ্ৰাস পাব।
গৱেষকসকলে এইটোও বিবেচনা কৰিছে যে বৰ্তমান পশুখাদ্য হিচাপে ব্যৱহৃত শস্য ব্যৱহাৰ কৰিলে বা খাদ্যৰ আৱৰ্জনা হ্ৰাস কৰিলে সংঘৰ্ষৰ তাৎক্ষণিক পিছতে লোকচান পূৰণ কৰিব পৰা যাব নে নাই আৰু তেওঁলোক এই সিদ্ধান্তত উপনীত হৈছে যে বৃহত্তৰ পৰিমাণৰ যুঁজত সঞ্চয় নিম্নতম হ’ব।
ভ্লাদিমিৰ পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত সংঘৰ্ষৰ আভাস পোৱাৰ পিছতেই এই অধ্যয়ন পোহৰলৈ আহিছে ।
উল্লেখ্য যে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভেও এপ্ৰিলত সতৰ্ক কৰি দিছিল যে পাৰমাণৱিক যুদ্ধ আৰম্ভ হোৱাৰ এক “গুৰুতৰ” বিপদাশংকা আছে।
উক্ত অধ্য়য়নটোৰ এজন গৱেষক আৰু ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ জলবায়ু বিজ্ঞানৰ অধ্যাপক এলান ৰবকে সেয়েহে এই সন্দৰ্ভত কয় যে আমি পাৰমাণৱিক যুদ্ধ সংঘটিত হোৱাটো প্ৰতিহত কৰিব লাগিব।