ফিফাই সর্বভাৰতীয় ফুটবল ফেডাৰেচন (এ আই এফ এফ)ক নিলম্বন কৰাৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ মাজতে এই বিষয়টো আজি উত্থাপিত হয় উচ্চতম ন্যায়ালয়ৰ মজিয়াত ৷ ফিফাই ভাৰতৰ শীৰ্ষ ফুটবল সংস্থাটোক “তৃতীয় পক্ষৰ পৰা অযথা প্ৰভাৱ”ৰ বাবে নিলম্বন কৰাৰ গতে ১৭ বছৰ অনূৰ্ধ্ব মহিলা বিশ্বকাপ “বৰ্তমান পৰিকল্পনা অনুসৰি ভাৰতত অনুষ্ঠিত কৰিব নোৱাৰি” বুলি প্ৰকাশ কৰাৰ এদিন পিছতে সর্বোচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ৷ কেন্দ্ৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে এআইএফএফ নিলম্বনৰ পিছতে চৰকাৰে ইতিমধ্যে ফিফাৰ সৈতে আলোচনাত মিলিত হৈছে।
ইয়াৰ পাছতে এই নিলম্বন প্ৰত্যাহাৰৰ লগতে ১৭ বছৰ অনুৰ্ধৰ বিশ্বকাপ অনুষ্ঠিত কৰাৰ বাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নির্দেশ দিয়ে ৷ উচ্চতম ন্যায়ালয়ে কয় যে ভাৰতত ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ আয়োজন কৰাৰ “সুবিধা” হোৱা উচিত ৷
অৱশ্যে কেন্দ্ৰই কয় যে ইতিমধ্যে ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ বিষয়টোৰ সমাধানৰ বাবে আলোচনা অব্যাহত আছে বুলি উল্লেখ কৰি গোচৰটো ২২ আগষ্টলৈকে স্থগিত ৰাখিবলৈ অনুৰোধ জনায় কেন্দ্ৰীয় চৰকাৰে ৷
কেন্দ্ৰীয় চৰকাৰে আদালতত জনোৱা মতে, এ আই এফ এফ স্থগিত ৰখাৰ পিছত মঙলবাৰে ফিফাৰ সৈতে দুখন বৈঠক অনুষ্ঠিত কৰা হৈছে।ফিফা কাউন্সিলৰ ব্যুৰোৱে জনোৱা মতে, এ আই এফ এফে ফিফাৰ বিধিসমূহৰ স্পষ্ট উলংঘা” কৰি আহিছে ৷