দক্ষিণ ভাৰতীয় ছবি জগতৰ তাৰকা অল্লু অর্জুনৰ জনপ্ৰিয়তা সর্বজনবিদিত ৷ বিশেষকৈ ‘পুষ্পা’ শীর্ষক ছবিত কৰা তেওঁৰ অভিনয়ে সকলোৰে মন মুহিছিল ৷ এই ছবিখনৰ বিপুল জনপ্ৰিয়তাৰ পাছতে বিভিন্ন নতুন ছবিৰ লগতে বিজ্ঞাপনৰ প্ৰস্তাৱ লাভ কৰিছে অভিনেতাজনে ৷ কিন্তু বিজ্ঞাপনৰ প্ৰস্তাৱসমূহ গ্ৰহণ কৰোতে অতি সাৱধানেৰে আগবাঢ়িছে তাৰকা গৰাকী ৷ বৃহৎ পৰিমাণৰ ধন লাভ কৰা সত্বেও সমাজৰ অহিত হ’ব পৰা বিজ্ঞাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা বিৰত আছে ৷ বিশেষকৈ গুটখা আৰু সুৰা ব্ৰেণ্ডৰ ১০ কোটিৰ বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ কৰিছে অৰ্জুনে ৷পূষ্পাৰ তাৰকাগৰাকীয়ে পূৰ্বেও এটা পাণ মছলা ব্ৰেণ্ডৰ বিজ্ঞাপন নাকচ কৰিছিল ৷ এই ব্ৰেণ্ডটোৱে যথেষ্ট পৰিমাণৰ ধন তেওঁক আগবঢ়াইছিল ৷
শেহতীয়াকৈ আন এটা সুৰা কোম্পানীৰ বহু কোটি টকাৰ বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ কৰি চেলিব্ৰিটিগৰাকীয়ে চর্চা লাভ কৰিছিল দৰাচলতে অভিনেতা গৰাকীয়ে আনকি চিগাৰেট ব্ৰেণ্ডৰ বিজ্ঞাপনত ভুমুকি মাৰিবলৈ অস্বীকাৰ কৰিছিল ৷
আনহাতে অল্লু অৰ্জুনে আন কেইটামান ব্ৰেণ্ডৰ বিজ্ঞাপন কৰিবলৈ সন্মত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ব্ৰেণ্ড প্ৰচাৰৰ বাবে তেওঁৰ দৈনিক মাচুল যথেষ্ট বেছি। সূত্ৰ অনুসৰি, ব্ৰেণ্ড এণ্ডৰছমেণ্টৰ বাবে অল্লু অৰ্জুনে ৭.৫ কোটি টকা লয় ৷
অল্লু অৰ্জুন অভিনীত ছবি পুষ্পাই ২০২১ চনত বিশ্বজুৰি ৩০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল।চিনেমাখনৰ জনপ্ৰিয়তাৰ পিছত ২০২১ চনৰ ছিকুৱেল “পুষ্পা: দ্য ৰুল”ত অভিনেতাগৰাকীক অভিনয় কৰিছে ৷