আগন্তুক কেইবাখনো ৰাজ্যৰ নির্বাচনৰ লগতে ২০২৪ ভনৰ নির্বাচনলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিয়ে ৷ ইয়াৰ মাজতে দলটোৰ সর্বোচ্চ পর্যায়ৰ সাংগঠনিক ক্ষেত্ৰত ব্যাপক সালসলনি কৰা হৈছে ৷ দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী কমিটীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নাম প্ৰত্যাহাৰ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাক সংসদীয় দলৰ ব’ৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে ৷ শ্বাহৱানাজ হুছেইনৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷ নিৰ্বাচনী কমিটীত মুঠ ১৫ জন লোকে স্থান লাভ কৰিছে। য’ত প্ৰধানমন্ত্ৰী মোদীৰ বাহিৰেও অমিত শ্বাহ, দেৱেন্দ্ৰ ফাড়নাভিছক অন্তৰ্ভুক্ত কৰা হৈছে । বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব’র্ডত নতুনকৈ নাম অন্তভুর্ক্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোনোৱালৰ ৷