অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে ৰণবীৰ কাপুৰ, সঞ্জয় দত্ত অভিনীত চামছেৰাক শুকুৰবাৰে আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি দিবলৈ অনুমতি প্ৰদান কৰে ৷ যশ ৰাজ ফিল্মছে ১ কোটি টকা জমা দিয়াৰ পিছতে ছবিখন আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি দিবলৈ অনুমতি প্ৰদান কৰে দিল্লী উচ্চ ন্যায়ালয়ে ৷
আমাজন প্ৰাইম ভিডিঅ’ই শুকুৰবাৰে একচন ড্ৰামা ‘চামছেৰা’ মুকলি কৰে ৷ চবিখনত ৰণবীৰ কাপুৰ, সঞ্জয় দত্ত আৰু বাণী কাপুৰৰ লগতে ৰণিত বসু ৰয় আৰু সৌৰভ শুক্লা আদিৰ দৰে জনপ্ৰিয় বহুকেইজন অভিনেতাই গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে।বাণ্টি ঔৰ বাবলি ২, জয়েশভাই যোৰদাৰ আৰু সম্ৰাট পৃথ্বীৰাজৰ ডিজিটেল প্ৰিমিয়াৰৰ পিছত যশ ৰাজ ফিল্মছৰ বেনাৰত প্ৰযোজিত আৰু কৰণ মালহোত্ৰাৰ দ্বাৰা পৰিচালিত এই ছবিখন হৈছে য প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰা চতুৰ্থ খন ছবি ।
যশ ৰাজ ফিল্মছে ইয়াৰ ৰেজিষ্ট্ৰীৰ সৈতে ১ কোটি টকা জমা দিয়া সাপেক্ষে দিল্লী উচ্চ ন্যায়ালয়ে ২২ আগষ্টৰ ভিতৰত অ’টিটি প্লেটফৰ্মত ছবিখন মুক্তিৰ অনুমতি দিছিল। ন্যায়াধীশ জ্যোতি সিঙে এই নিৰ্দেশ প্ৰদান কৰিছিল। বিক্ৰমজিৎ সিং ভুল্লাৰে এটা গোচৰ ৰুজু কৰি দাবী কৰিছিল যে চলচ্চিত্ৰখনে তেওঁৰ সাহিত্যকৰ্ম ‘কাবু না ছাৰে খেত’ত তেওঁৰ স্বত্বাধিকাৰ উলংঘন কৰিছে ৷
মনোৰঞ্জন আৰু একচনধৰ্মী চলচ্চিত্ৰ, ‘চামছেৰা’ত ৰণবীৰ কাপুৰে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে , চামছেৰা আৰু তেওঁৰ পুত্ৰ বালিৰ চৰিত্ৰত।
উল্লেখ্য যে চামছেৰা এতিয়া সমগ্ৰ বিশ্বৰ দৰ্শকৰ বাবে উপলব্ধ। চলচ্চিত্ৰখন হিন্দীৰ ওপৰিও তামিল আৰু তেলেগু ভাষাতো উপলব্ধ হ’ব ।