লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ল’ব ভাৰতীয় মহিলা দলৰ কিংবদন্তি দ্ৰুত বলাৰ ঝুলন গোস্বামীয়ে। ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ তৃতীয় আৰু অন্তিমখন মেচ এই খেলপথাৰত অনুষ্ঠিত হ’ব আৰু এই খেলখনেই হ’ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন খেল হ’ব। ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মেচখনত ঝুলন গোস্বামীয়ে অৱসৰ লোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । মহিলা ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হৈছে ঝুলন। তেওঁ সকলো ফৰ্মেটতে ৩৫২টা উইকেট দখল কৰিছে।
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত হৈছে ৩৯ বছৰীয়া ঝুলন। অৱশ্যে কমনৱেলথ গেমছৰ বাবে টি-২০ দলৰ তেওঁ অংশ নাছিল । ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা ছিৰিজতো ঝুলন গোস্বামীয়ে ভাৰতীয় দলত স্থান লাভ কৰা নাছিল।
বিশ্বকাপত খেলিছিল শেষৰখন মেচ
চলিত বৰ্ষৰ মাৰ্চ মাহত দেশৰ হৈ অন্তিমখন খেল খেলিছিল ঝুলন গোস্বামীয়ে। নিউজিলেণ্ডত অনুষ্ঠিত বিশ্বকাপত ভাৰতৰ হৈ অন্তিমখন খেল খেলিছিল ঝুলনে। এই বিশ্বকাপৰ সময়ত বিচিচিআইয়ে ঝুলনক বিদায় দিব বিচাৰিছিল যদিও আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেষৰখন গ্ৰুপ মেচ তেওঁ খেলিব পৰা নাছিল ৷ তেতিয়াৰ পৰা তেওঁ বিদায়ী মেচৰ বাবে অপেক্ষা কৰা আছিল । ২০১৮ চনত তেওঁ শেষৰখন টি-২০ মেচ খেলিছিল। একে সময়তে ২০২১ চনৰ অক্টোবৰ মাহত তেওঁৰ কেৰিয়াৰৰ শেষৰখন টেষ্ট মেচ অনুষ্ঠিত হৈছিল। ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা ছিৰিজত তেওঁক সুযোগ দিয়া হৈছে।
আই পি এলত ঝুলন
খবৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ঝুলনে আই পি এল খেলিব পাৰিব। ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ’বলগীয়া মহিলা আই পি এলত দেখা পোৱা যাব ঝুলনক। ইয়াৰ উপৰিও মেণ্টৰৰ ভূমিকাক লৈ তেওঁ পুৰুষৰ আই পি এল দলৰ সৈতেও আলোচনাত মিলিত হৈছে। আগন্তুক ছিজনত বংগ দলৰ হৈ তেওঁ খেলিব ৷
উল্লেখ্য যে ২০০২ চনত ঝুলন গোস্বামীয়ে কেৰিয়াৰ আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। তেওঁ প্ৰায় দুটা দশক ভাৰতৰ সেৱা আবঢ়াইছে । এই সময়ছোৱাত তেওঁ দেশৰ হৈ ১২ খন টেষ্ট, ৬৮ খন টি-২০ আৰু ২০১ খন এদিনীয়া খেল খেলিছিল। এদিনীয়াত সৰ্বাধিক উইকেট লোৱা মহিলা বলাৰ হিচাপে পৰিগণিত হৈছে তেওঁ। তেওঁ ২৫২টা উইকেট দখল কৰিছে। ৬ খন মহিলা এদিনীয়া বিশ্বকাপত অংশ লৈছে গোস্বামীয়ে ৷
ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলটোৱে তিনিখন টি-২০ মেচ খেলিব ৷ অহা ১০, ১৩ আৰু ১৫ ছেপ্টেম্বৰত এই মেচ অনুষ্ঠিত হ’ব। ইয়াৰ পিছত তিনিখন এদিনীয়াৰ শৃংখলাও অনুষ্ঠিত হ’ব।