কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে দেওবাৰে সন্ধিয়া ছেকেণ্ডৰাবাদৰ শ্ৰী উজ্জয়িনী মহাকালি মন্দিৰ পৰিদৰ্শন কৰাৰ সময়ত তেলেংগানা বিজেপিৰ সভাপতিয়ে হাতেৰে শ্বাহলৈ জোতা আবঢ়াই দিয়া কার্যই ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰিছে ৷ তেলেংগানা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি তথা সাংসদ বন্দী সঞ্জয়ক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জোতা হাতেৰে আনি আগবঢ়াই দিয়াৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়।
কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক কমিটেৰেডী ৰাজাগোপাল ৰেড্ডীয়ে বিজেপিত যোগদান কৰাৰ উপলক্ষে মুনুগোড়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সমাৱেশত অংশগ্ৰহণ কৰিবলৈ শ্বাহ হায়দৰাবাদত উপস্থিত হৈছিল ৷
ছেকেণ্ডৰাবাদৰ শ্ৰী উজ্জয়িনী মহাকালি মন্দিৰৰ পৰা শ্বাহ ওলাই অহাৰ পিছত বন্দী সঞ্জয়ে জোতা ষ্টেণ্ডৰ পৰা লৰালৰিকৈ অমিত শ্বাহৰ জোতা আনি আগবঢ়াই দিয়াৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ এই কার্যক শাসকীয় তেলেংগানা ৰাষ্ট্ৰ সমিতি (টি আৰ এছ) আৰু কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে ৷
টি আৰ এছৰ ছ’চিয়েল মিডিয়াৰ আহ্বায়ক ৱাই সতীশ ৰেড্ডীয়ে -“তেলেংগানা বিজেপিৰ ৰাজ্যিক সভাপতি সাংসদ বন্দী সঞ্জয়ে অমিত শ্বাহক জোতা দিবলৈ লৰালৰি! এয়া সর্বশ্ৰেষ্ঠ গোলামী ৷”
টি আৰ এছৰ চৰকাৰী মুখপাত্ৰ মান্নে কৃষংকে গুজৰাটী নেতাক জোতা পিন্ধাই দিয়া কার্যই তেলেংগানাৰ আত্মসন্মান প্ৰতিফলিত কৰেনে? বুলি প্ৰশ্নৰ উত্থাপন কৰে ৷
মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাওৰ পুত্র কেটিআৰে কয় যে তেলেংগানাই এনে নেতাসকলৰ কার্যক্রম তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে ৷ তেলেংগানা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সম্পাদক মণিকম ঠাকুৰেও সঞ্জয়ক এই কাৰ্যৰ বাবে তীব্ৰ সমালোচনা কৰে।