দিল্লীৰ আম আদমী পার্টী (আপ) চৰকাৰখনৰ পতন ঘটাবলৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চেষ্টা কৰা বুলি অভিযোগ কৰিছে আপে ৷ আজি এক সংবাদমেলত আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কয় যে বিজেপিয়ে আপ নেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰিছে । আপৰ বিধায়কক নগদ ধনেৰে প্ৰলোভিত কৰাৰ লগতে ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেচাঁ প্ৰয়োগ কৰিছে ৷ সিঙে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীখনত চৰকাৰৰ পতন ঘটাবলৈ কেনেদৰে কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰি আহিছে সেয়া তেওঁ উন্মোচন কৰিব।
তেওঁ কয় যে দিল্লীৰ বিধায়কসকলক ভংগ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে ৷ মনিষ ছিছ’ডিয়াক বিজেপিয়ে ‘ছিন্দে’ৰ দৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও সেই প্ৰচেষ্টা ব্যৰ্থ হৈছে ৷ তেওঁ লগতে কয় -‘বিজেপিৰ সদস্যই আপৰ বিধায়কক ভাবুকি দিয়ে। আমাৰ ২০ কোটিৰ প্ৰস্তাৱ গ্ৰহণ কৰক নহ’লে ছিছ’ডিয়াৰ দৰে চিবিআইৰ অভিযানৰ সন্মুখীন হ’বলৈ সাজু থাকক ৷” সিঙে কয় যে অজয় দত্ত, সঞ্জীৱ ঝা, সোমনাথ ভাৰতী আৰু কুলদীপৰ দৰে বিধায়কসকলৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে যোগাযোগ কৰিছে ৷
সঞ্জয় সিঙে প্ৰকাশ কৰা অনুসৰি ‘তেওঁলোকে দলত যোগদান কৰিলে ২০ কোটি আৰু লগত আন বিধায়ককো যোগদান কৰালে ২৫ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে ৷সংবাদমেলত উপস্থিত থকা আন চাৰিজন আপ বিধায়কে বিজেপিৰ নেতাই তেওঁলোকৰ কাষ চাপিছিল বুলি অভিযোগ উত্থাপন কৰে ৷
সঞ্জয় সিঙে কয় যে আপৰ বিধায়ক আৰু ছিছ’ডিয়াই “অপাৰেচন লটাছ”ক “অপাৰেচন ‘ভুৱা”লৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান জনাই সঞ্জয় সিঙে কয় যে, “আপুনি নিশ্চয় বহু ৰাজ্যৰ চৰকাৰক ভাবুকি দি পতন ঘটাবলৈ সক্ষম হৈছে ৷ কিন্তু এয়া দিল্লী। ইয়াত মানুহে কেজৰিৱালক তিনিবাৰকৈ নির্বাচিত কৰিছে ৷ “