আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ ফৰিদাবাদত ২৬০০ বিছনাযুক্ত এখন ব্যক্তিগত চিকিৎসালয় উদ্বোধন কৰে ৷ অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত দেশৰ ভিতৰতে বৃহৎ চিকিৎসালয়খনত এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় পৰীক্ষাগাৰো আছে বুলি জানিব পৰা গৈছে । উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে হাৰিয়ানাৰ ৰাজ্যপাল বন্দৰু দত্তাত্ৰেয় আৰু মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰ।
অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত এনে এখন দেশ য’ত স্বাস্থ্যসেৱা আৰু আধ্যাত্মিকতাৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁ লগতে কয় যে ক’ভিড-১৯ তাৰ এক নিখুঁত উদাহৰণ যাৰ ফলত সজাগতা সৃষ্টিৰ লগতে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান কাৰ্যকৰী কৰা সম্ভৱ হৈছিল।
উল্লেখনীয় যে ১৩০ একৰ মাটিত নিৰ্মিত অত্যাধুনিক অমৃতা হাস্পতালখনৰ এটা নিৰ্দিষ্ট সাতমহলীয়া গৱেষণা বিভাগ আছে আৰু মাতা অমৃতানন্দময়ী মঠৰ সহযোগত ছয় বছৰৰ ভিতৰত এই চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।
বৰ্তমান ৫০০ খন বিচনাৰে মুকলি কৰা এই নতুন ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন অহা ৫ বছৰত পৰ্যায়ক্ৰমে সম্পূৰ্ণ ৰূপে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠাৰ পিছত ৮১টা বিশেষত্ব থকা চিকিৎসালয়খন দিল্লী-এনচিআৰ আৰু দেশৰ ভিতৰতে সৰ্ববৃহৎ ব্যক্তিগত চিকিৎসালয় হিচাপে পৰিগণিত হ’ব বুলিও ইয়াৰ বিষয়াসকলে জনাইছে ৷
চিকিৎসালয়খনৰ ভৱনসমূহ ৩৬ লাখ বৰ্গফুট এলেকাত বিস্তৃত ৷ ১৪ মহলীয়া অট্টালিকাত মূল চিকিৎসা সুবিধা থকাৰ উপৰিও ছাদত থাকিব হেলিপেড।আনহাতে দিল্লী-মথুৰা পথৰ সমীপত থকা ফৰিদাবাদৰ ছেক্টৰ ৮৮ৰ নতুন মেগা হাস্পতালখনৰ এক কোটি বৰ্গফুটৰ অঞ্চলটোত থাকিব এখন চিকিৎসা মহাবিদ্যালয়ো ।