ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকাৰ সৃষ্টি হৈছে ৷ বিধায়ক হিচাপে অযোগ্য ঘোষণা হ’ব পাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী ৷ নির্বাচনী আইন উলংঘা কৰাৰ অভিযোগত অযোগ্যা ঘোষণা হ’ব পাৰে ছোৰেন ৷ এই সন্দর্ভত নিৰ্বাচন আয়োগে ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছলৈ প্ৰেৰণ কৰিছে পত্ৰ ৷ নিজৰ নামত খননৰ অনুজ্ঞাপত্ৰ অনুমোদন জনোৱাৰ বাবে তেওঁৰ বিধায়ক পদ খাৰিজ কৰাৰ অর্জিৰে নির্বাচন আয়োগৰ ওচৰত আৱেদন দাখিল কৰা হৈছিল ৷ আজি পুৱা নিৰ্বাচন আয়োগৰ মতামত ঝাৰখণ্ড ৰাজ ভৱনলৈ প্ৰেৰণ কৰা হৈছে। ঝাৰখণ্ডৰ ৰাজ্যপালে এই বিষয়টো নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছিল।
এই গোচৰৰ আবেদনকাৰী বিজেপিয়ে জনতা প্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ৯-এ “উলংঘা” কৰাৰ বাবে হেমন্ত ছোৰেনৰ বিধায়ক পদ খাৰিজৰ আহ্বান জনাইছে ৷ সংবিধানৰ ১৯২ নং অনুচ্ছেদৰ অধীনত যদি কোনো ৰাজ্যৰ বিধানসভাৰ সদস্য যিকোনো কাৰণত অযোগ্য হোৱাৰ ভিত্তি থাকে তেনেহ’লে সেয়া ৰাজ্যপালৰ ওচৰলৈ প্ৰেৰণ কৰা হয় ৷ ৰাজ্যপালৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচনা কৰা হয় ৷
অৱশ্যে কোনো সিদ্ধান্ত দিয়াৰ পূৰ্বে ৰাজ্যপালে নিৰ্বাচন আয়োগৰ মতামত লাভ কৰিব লাগিব আৰু তেনে মতামত অনুসৰি কাম কৰিব লাগিব।এনে গোচৰৰ নিষ্পত্তিৰ ক্ষেত্ৰত নির্বাচনী আয়োগে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে কাম কৰে।