আগন্তুক এচিচি এছিয়া কাপ ২০২২ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে এনচিএৰ প্ৰধান ভিভিএছ লক্ষ্মণক। জিম্বাবৱে ভ্ৰমণত ভাৰতীয় দলটোৰ সৈতে আছিল লক্ষ্মণ। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতে লক্ষ্মণক এই দায়িত্ব অর্পণ কৰা হয় ৷
সম্প্ৰতি আইছ’লেচনত আছে দ্ৰাবিড়। দলটো আৰবলৈ ৰাওণা হোৱাৰ পূৰ্বে মঙলবাৰে তেওঁৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল ৷ ক’ভিড নিগেটিভ হোৱাৰ পিছত বিচিচিআইৰ চিকিৎসক দলৰ দ্বাৰা অনুমতি লাভ কৰিলেহে দ্ৰাবিড়ে পুনৰ মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিব পাৰিব । ভাৰতে অহা ২৮ আগষ্টৰ পৰা পাকিস্তানৰ বিৰুদ্ধে খেলৰ জৰিয়তে এছিয়া কাপত অভিযান আৰম্ভ কৰিব ৷
বিচিচিআইয়ে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে, “ভিভিএছ লক্ষ্মণে আগন্তুক এচিচি এছিয়া কাপ ২০২২ত টিম ইণ্ডিয়া (চিনিয়ৰ মেন)ৰ বাবে অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হ’ব ৷”
ইয়াৰ উপৰিও বিচিচিআাইয়ে কয়, “জিম্বাবুৱেত এদিনীয়া শৃংখলা খেলা ভাৰতীয় দলটোৰ সৈতে ভ্ৰমণ কৰা লক্ষ্মণে দলটো ইউ এ ইলৈ যোৱাৰ পূৰ্বে ক’ভিড-১৯ পজিটিভ পোৱা ৰাহুল দ্ৰাবিড়ৰ অনুপস্থিতিত দলটোৰ প্ৰস্তুতিৰ তদাৰক কৰিব। নিগেটিভ হোৱাৰ পিছত আৰু বিচিচিআইৰ চিকিৎসকৰ দলে অনুমতি প্ৰদান কৰাৰ পিছত দ্ৰাবিড়ে দলটোত যোগদান কৰিব”।