এটাৰ পাছত আন এটা নির্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱা কংগ্ৰেছত আন এক মোক্ষম আঘাত ৷ এইবাৰ দলত্যাগ কৰিলে কংগ্ৰেছৰ শীর্ষনেতা গুলাম নবী আজাদে ৷ প্ৰবীণ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গুলাম নবী আজাদে আজি দলৰ প্ৰাথমিক সদস্যকে ধৰি সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ এখন ৪ পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ কৰি তেওঁ দলত্যাগৰ কথা ঘোষণা কৰে ৷ এই প্ত্ৰত কেতবোৰ বিস্ফোৰক অভিযোগ তেওঁ উত্থাপন কৰে ৷ বিশেষকৈ তেওঁ ৰাহুল গান্ধীক “অপৰিপক্ক” আখ্যা দিয়াৰ লগতে দলটোত “পৰামৰ্শমূলক ব্যৱস্থা ভাঙি পেলোৱা” বুলি অভিযোগ কৰে ৷ গুলাম নবী আজাদ জি-২৩ বা ২৩ জনীয়া “বিৰোধী” গোটৰ এজন আগশাৰীৰ সদস্য আছিল ৷তেওঁ ২০২০ চনত ছোনিয়া গান্ধীলৈ পত্ৰ লিখি দলৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনাইছে ৷