শিক্ষা ব্যৱস্থাক লৈ একপ্ৰকাৰ টুইটাৰত যুদ্ধ চলিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত ৷ ৰাজ্যৰ ৩৪ খন চৰকাৰী স্কুল বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তক কটু সমালোচনা কৰি অৰবিন্দ কেজৰিৱালে এটা টুইট কৰাৰ পাছতে দুয়ো গৰাকী মুখ্যমন্ত্ৰীৰ মাজত কথাৰ কটাকটি আৰম্ভ হয় ৷ এই সন্দর্ভত অৰবিন্দ কেজৰিৱালে লিখিছিল-“ বিদ্যালয় বন্ধ কৰাটোৱেই সমাধান নহয়। আমি সমগ্ৰ দেশতে নতুন বিদ্যালয় খুলিব লাগিব। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে বিদ্যালয়ৰ উন্নতি সাধন কৰক আৰু শিক্ষাব্যৱস্থা সঠিক কৰক।“ তেওঁৰ এই টুইটৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে –“অৰবিন্দ কেজৰিৱাল মহাশয় আপুনি কোনো অধ্যয়ন নোহোৱাকৈ এই বিষয়ত মন্তব্য কৰিছে ৷ মই শিক্ষা মন্ত্ৰী হৈ থকা কালৰ পৰা বর্তমানলৈ অসম চৰকাৰে ৮৬১০ খন নতুন স্কুল স্থাপন অথবা চৰকাৰীকৰণ কৰিছে ৷ যোৱা ৭ বছৰত দিল্লী চৰকাৰে কিমানখন নতুন বিদ্যালয় স্থাপন কৰিছে?
अरे। लगता है आप बुरा मान गए। मेरा मक़सद आपकी कमियाँ निकालने का नहीं था। हम सब एक देश हैं। हमें एक दूसरे से सीखना है। तभी तो भारत नम्बर वन देश बनेगा
मैं आता हूँ ना असम। बताइए कब आऊँ? आप शिक्षा के क्षेत्र में अपने अच्छे काम दिखाना। आप दिल्ली आइये, मैं आपको दिल्ली के काम दिखाता हूँ https://t.co/SQCJyerfII
— Arvind Kejriwal (@ArvindKejriwal) August 26, 2022
অৱশ্যে ডঃ শর্মাৰ টুইটৰ পাছত বহি থকা নাই অৰবিন্দ কেজৰিৱাল ৷ তেওঁ পুনৰ অসমৰ মুখ্যমন্ত্ৰীজনক প্ৰত্যাহ্বান জনাই লিখিছে “ আপুনি এই কথাত বেয়া পোৱা যেন লাগিছে ৷ আপোনাৰ দোষবোৰ আঙুলিয়াই দিয়াটো মোৰ উদ্দেশ্য নাছিল ৷ আমি সকলোৱে একেখন দেশৰ। আমি ইজনে আনজনৰ পৰা শিকিব লাগিব। তেতিয়াহে ভাৰত হ’ব এক নম্বৰ দেশ হ’ব ।
Dear @ArvindKejriwal Ji – As usual you commented on something without any homework!
Since my days as Edu Minister, till now, please note, Assam Govt has established/ taken over 8610 NEW SCHOOLS; break-up below.
How many new schools Delhi Government has started in last 7 yrs? https://t.co/PTV7bO4GKL
— Himanta Biswa Sarma (@himantabiswa) August 25, 2022
মই অসমলৈ আহিম ৷ কেতিয়ালৈ আহিম কওঁক ? আপুনি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল কাম দেখুৱাব । আপুনি দিল্লীলৈ আঁহক, মই আপোনাক দিল্লীৰ কামবোৰ দেখুৱাম ৷ “ উল্লেখযোগ্য যে এইবাৰ দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত শূন্য ফলাফল প্ৰদর্শন কৰা বিদ্যালয়সমূহক অন্য বিদ্যালয়ৰ সৈতে একত্ৰিত কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে ৷