বিশ্বৰ ফুটবল পৰিচালনা সংস্থা ফিফাই শুকুৰবাৰে সর্বভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ বিৰুদ্ধে আৰোপ কৰা নিলম্বন প্ৰত্যাহাৰ কৰিছে। ইয়াৰ লগে লগে অক্টোবৰত হ’বলগীয়া অনূৰ্ধ্ব ১৭ মহিলা বিশ্বকাপ ভাৰতত অনুষ্ঠিত হোৱাটো নিশ্চিত হ’ল ৷ ফিফাই তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে সর্বভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ ওপৰত জাৰি কৰা নিলম্বন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এআইএফএফ প্ৰশাসনে সংস্থা্টোৰ দৈনন্দিন কাম-কাজত সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ লাভ কৰিছে বুলি নিশ্চিত হোৱাৰ পিছতে ফিফাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
এক বিবৃতিত বিশ্বৰ সর্ববৃহৎ ফুটবল সৎংস্থাটোৱে কয় যে ফিফা আৰু এ এফ চিয়ে পৰিস্থিতি নিৰীক্ষণ কৰি যাব ৷ এআইএফএফক সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰিব ৷ চলিত বর্ষৰ ১১-৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ফিফা অনূৰ্ধ্ব-১৭ মহিলা বিশ্বকাপ পৰিকল্পিতভাৱে ভাৰতত অনুষ্ঠিত হ’ব বুলিও তেওঁলোকে প্ৰকাশ কৰিছে ৷
ফিফাই ১৫ আগষ্টত “তৃতীয় পক্ষৰ অযথা প্ৰভাৱ”ৰ বাবে এআইএফএফক নিলম্বন কৰিছিল ৷ যাৰ বাবে ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ বৰ্তমান পৰিকল্পনা অনুসৰি ভাৰতত অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল ৷
মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰশাসক কমিটীৰ কাৰ্যভাৰ বন্ধ কৰাৰ সিদ্ধান্তৰ পিছতে ফিফাক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল এআইএফএফে।