ষ্টেডিয়ামত নহয়, এইবাৰ ৰূপালী পর্দাত নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠান ৷ তামিল থ্ৰিলাৰ ছবি ‘কোব্ৰা’ৰ জৰিয়তে ৰূপালী পৰ্দাত অভিষেক ঘটাবলৈ সাজু হৈছে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ গৰাকী ৷ চিনেমাখনৰ ট্ৰেইলাৰ মুকলি কৰাৰ লগে লগে চলচিত্ৰপ্ৰেমীৰ মাজত ব্যাপক চর্চা লাভ কৰিছে ৷ ইপিনে টেইলৰ মুকলি কৰাৰ পাছতে কেইবাজনো সতীর্থই পাঠানক অভিনন্দন জ্ঞাপন কৰে ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে চিয়ান বিক্ৰমে।
The trailer takes me back to our conversation which we had a decade ago. Irfan bhai said, I’ll do everything in life, “I’m an all rounder”!
You stayed true to your words. Looking forward to your silver screen debut bhai❤️ @IrfanPathan pic.twitter.com/pNvOu6fPV9— Deepak Hooda (@HoodaOnFire) August 26, 2022
ইৰফানৰ প্ৰাক্তন সতীৰ্থ সুৰেশ ৰাইনা ,ৰবিন উথাপ্পা, দীপক হুদাই পাঠানক অভিন্নদন জ্ঞাপন কৰে ৷ এক টুইটত হুদাই কয় -“ট্ৰেইলৰটোৱে মোক আমাৰ এদশক আগৰ কথা মনত পেলাই দিছে ৷ ইৰফান ভাইয়ে কৈছিল, মই জীৱনৰ সকলো কাম কৰিম, “মই এজন অল ৰাউণ্ডাৰ”! তুমি তোমাৰ কথাত সঁচা প্ৰমাণিত কৰিলা ৷ । তোমাক ৰূপালী পৰ্দাত চাবলৈ বাট চাই আছিলো ৷” ৰবিন উথাপ্পাই টুইট কৰি কয় যে কোব্ৰা চাবলৈ অধীৰ আগ্ৰহেৰে তেওঁ ৰৈ আছে ৷