কোন হ’ব কংগ্ৰেছৰ পৰৱর্তী ৰাষ্ট্ৰীয় সভাপতি? তাক লৈ চর্চা আৰম্ভ হৈছে ৷ কপিল চিব্বাল, গুলাম নবী আজাদৰ দৰে নেতাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগৰ সময়তে ৰাষ্ট্ৰীয় সভাপতি নির্বাচনক লৈ ৰাজনৈতিক চর্চা আৰম্ভ হৈছে ৷এই বিষয়টো আলোচনাৰ বাবে ২৮ আগষ্টৰ সন্ধিয়া কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ য’ত পৰৱৰ্তী কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ সময়সূচীত সেউজ সংকেত প্ৰদান কৰা হয় ৷ ইয়াৰ লগে লগে কংগ্ৰেছ দল গান্ধী পৰিয়াল মুক্ত হ’বনে তাক লৈ চিন্তা চর্চা আৰম্ভ হৈছে ৷ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে সঘনাই সমালোচনাৰ সন্মুখীন হোৱা কংগ্ৰেছ এইবাৰো গান্ধী পৰিয়াল মুক্ত হোৱাৰ সম্ভাৱনা কম ৷ মাতৃ ছোনিয়া গান্ধীৰ পৰা দলটোৰ সর্বোচ্চ পদত অধিষ্ঠিত হ’ব পাৰে ৷ কিয়নো দলৰ মজিয়াত ৰাহুল গান্ধীক পুনৰ সভাপতি হিচাপে নির্বাচিত কৰাৰ দাবী অধিক শক্তিশালী হৈছে ৷ চি ডব্লিউ চিৰ সদস্য হোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু হৰিশ ৰাৱটে এই বৈঠকৰ পৰা ওলাই আহি পুনৰ কয় যে ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হৈ দলটোক একত্ৰিত কৰা উচিত।
হৰিশ ৰাৱাটে কয় -“অতি উৎসাহিত যে সূচী ঘোষণা কৰা হৈছে। মই নিশ্চিত যে ৰাহুল গান্ধী আমাৰ পৰৱৰ্তী দলৰ সভাপতি হ’ব ৷”আনহাতে মল্লিকাৰ্জুন খাৰ্গে কয় – ‘সকলো কংগ্ৰেছ কৰ্মীৰ লগতে ৰাহুল গান্ধীয়ে আগভাগ লৈ কংগ্ৰেছৰ সভাপতি হ’ব লাগে বুলি মোৰ ব্যক্তিগত মতামত। তেওঁ কংগ্ৰেছ দলক একত্ৰিত কৰি শক্তিশালী কৰিব পাৰে ৷”
উদয়পুৰ চিন্তন শিবিৰত ইতিমধ্যে পৰিৱৰ্তনৰ কৌশল ৰচনা কৰা ইয়াৰ অংশ হিচাপে কন্যাকুমাৰীৰ পৰা অহা ৭ ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰা আৰম্ভ হ’ব।
তদুপৰি, ৪ ছেপ্টেম্বৰত দিল্লীত কংগ্ৰেছৰ “মেহাংগাই পে হাল্লা বল” ৰেলীত ভাষণ দিব ৰাহুল গান্ধীয়ে ৷ ইয়াৰ পিছত ৬ ছেপ্টেম্বৰত চেন্নাইত তেওঁ উপস্থিত হ’ব আৰু ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা ১৫০ দিনীয়া, ৩,৫৭০ কিলোমিটাৰ সামৰি ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিব। কংগ্ৰেছৰ সূত্ৰ অনুসৰি গান্ধীয়ে হিমাচল প্ৰদেশ আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাব।