শিল্পা চেট্টীআৰু ৰাজ কুন্দ্ৰাৰ দহ বছৰীয়া সন্তান ভিয়ানে আৰম্ভ কৰিছে এটা নতুন ব্যৱসায় ৷ যাক লৈ শেহতীয়াকৈ সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷ সামাজিক মাধ্যমত এই সম্পৰ্কে জনাই পুত্ৰৰ এনে কাৰ্য্যক লৈ গৌৰৱান্বিত হোৱা মাতৃগৰাকীয়ে শেহতীয়াকৈ আপলোড কৰিছে এটা ভিডিঅ’৷ পুত্ৰই আৰম্ভ কৰা ব্যৱসায়ৰ এই ধাৰণাটো ঘোষণা কৰি তেওঁ ভিডিঅ’টোৰ যোগেদি এযোৰ জোতা (স্নিকাৰ) প্ৰদৰ্শন কৰে যিযোৰ মাকৰ বাবে বিশেষভাৱে ডিজাইন কৰিছে তেওঁৰ দহ বছৰীয়া পুত্ৰ ভিয়ানে । ভিয়ানে ভি.আৰ. কিক্চ নামেৰে আৰম্ভ কৰিছে এই ব্যৱসায় ৷
জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ব্যৱসায়টোৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰা ইয়াৰ ডিজাইন তথা ভিডিঅ’লৈকে সকলোবোৰেই তেওঁৰ দহবছৰীয়া পুত্ৰ ভিয়ানৰ নিজা ৷ লগতে দহ বছৰীয়া ভিয়ানে আনকি তেওঁৰ উপাৰ্জনৰ কিছু অংশ দান কৰাৰ প্ৰতিশ্ৰুতি দিছে যাক লৈ অভিনেত্ৰী গৰাকী সঁচাকৈয়ে গৌৰৱান্বিত ৷
সামাজিক মাধ্যমত অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা এই পোষ্টত ইতিমধ্যেই বলীউডৰ বহু তাৰকা শিল্পীয়ে মন্তব্য কৰি ভিয়ানক শুভকামনা জনোৱাৰ লগতে শিল্পাৰ অনুৰাগী সকলেও যাঁচিছে শুভকামনা ৷
ভিডিঅ’টোৰ যোগেদি ভিয়ানে জনাইছে যে মাকৰ বাবে স্নিকাৰযোৰ ডিজাইন কৰাৰ সময়ত তেওঁৰ মনলৈ মাত্ৰ এটা বাঘৰ ছবিয়েই আহিছিল। লগতে ভিয়ানে কয় যে কিছুমান নিৰ্দিষ্ট থীম অনুসৰিহে স্নিকাৰবোৰ তৈয়াৰ কৰিছে তেওঁ ।