কংগ্ৰেছৰ সাংগঠনিক নির্বাচনৰ দিন ঘোষণাৰ পাছতে পৰৱর্তী সভাপতি কোন হ’ব তাক লৈ চিন্তা চর্চা আৰম্ভ হৈছে ৷ ইয়াৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ পাইছে ৷ যদিও তেওঁ এতিয়াও এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই ৷ইয়াৰ পূর্বে ২০২০ চনত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীলৈ সাংগঠনিক সংস্কাৰ বিচাৰি পত্ৰ লিখা ২৩ জনীয়া বিদ্ৰোহী নেতাৰ গোটৰ ভিতৰত আছিল থাৰুৰ ।
তিৰুৱনন্তপুৰমৰ সাংসদগৰাকীয়ে কয় যে এজন নতুন সভাপতি নিৰ্বাচন কৰাটো কংগ্ৰেছৰ বাবে অতি প্ৰয়োজনীয় ৷ ইয়াৰ জৰিয়তেহে দলটোৰ পুনৰুজ্জীৱিতকৰণৰ দিশত এক নতুন আৰম্ভণি ঘটিব ৷ তেওঁ কয় যে যিকোনো প্ৰকাৰে মুক্ত আৰু নিকা নিৰ্বাচনী প্ৰক্ৰিয়াই সমস্যাটো নিষ্পত্তিৰ বাবে এক সুস্থ উপায় হ’ব।
উল্লেখ্য যে ইয়াৰ পূর্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ পাইছিল ৷ অৱশ্যে ৰাহুল গান্ধীকে পুনৰ সভাপতি পাতিবলৈ উঠি পৰি লাগিছে একাংশ নেতা ৷