মুম্বাইত অনুষ্ঠিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত যোৱা নিশা প্ৰদান কৰা হয় ৬৭ সংখ্যক ফিল্মফেয়াৰ বটাঁ ৷ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে ‘৮৩’ আৰু কৃতী চাননে ‘মিমি’ত কৰা অভিনয়ৰ বাবে ক্ৰমে শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বটাঁ লাভ কৰে ৷
মঙলবাৰে নিশা ৰণবীৰ সিঙে পত্নী দীপিকা পাডুকনৰ সৈতে মঞ্চত এই বটাঁ গ্ৰহণ কৰে ৷ ফিল্মফেয়াৰৰ পূৰ্বে ৰণবীৰ সিঙে ‘৮৩’ত কৰা অভিনয়ৰ বাবে দ্য ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ (আই এফ এফ এম) ২০২২ত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। ‘৮৩’ ছবিখন ভাৰতীয় ক্ৰিকেট টীমে ১৯৮৩ চনৰ ঐতিহাসিক ক্ৰিকেট বিশ্বকাপ জয়ৰ ওপৰত ভিত্তি কৰি নির্মাণ কৰা হৈছে । ছবিখনত ৰণবীৰে বিশ্বকাপ বিজয়ী দলটোৰ অধিনায়ক কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে।
২০২১ চনত মুক্তি পোৱা ‘মিমি’ত অভিনয় কৰা অভিনয়ৰ বাবে সন্মানিত কৰা হৈছে কৃতীক ৷ ‘মিমি’ত কৃতী চাননে ভাৰাতীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালনা কৰিছিল লক্ষ্মণ উটেকাৰে।ইয়াৰ পূৰ্বে ২০২২ চনৰ মে’ মাহত কৃতীয়ে নিজৰ কেৰিয়াৰৰ প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল ৷ আবুধাবিত অনুষ্ঠিত ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।
৬৭ সংখ্যক ফিল্মফেয়াৰ বটাঁত বিভিন্ন শাখাত বিকি কৌশল, আছিছ কৌৰ, বি প্ৰাক, বিদ্যা বালান, বিষ্ণুবৰ্ধন, পংকজ ত্ৰিপাঠীৰ দৰে চেলিব্ৰিটিয়েও সন্মান লাভ কৰিছে।