আজি হায়দৰাবাদত পেন ইণ্ডিয়ান বিগি ব্ৰহ্মাস্ত্ৰৰ সংবাদমেলত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ লগতে আলিয়া, ৰাজামৌলী, এনটিআৰ, নাগাৰ্জুন আৰু কৰণ জোহৰ আদিকে ধৰি বহুতো তাৰকাই অংশগ্ৰহণ কৰে।
আনহাতে জনপ্ৰিয় অভিনেত্ৰী আলিয়াই অনুষ্ঠানটোত কেশৰীয়া গীতৰ তেলেগু সংস্কৰণ ‘কুমকুমালা’ গীত পৰিবেশনেৰে তেওঁৰ ভাষণ সমাপ্ত কৰে। অভিনেত্ৰীগৰাকীয়ে সংগীত পৰিবেশনেৰে অনুষ্ঠানটোত উপস্থিত সকলোকে আচৰিত কৰে ৷ গীতটি পৰিবেশনৰ যোগেদি প্ৰথমবাৰৰ বাবে যেন গায়িকা হোৱাৰ দক্ষতাও দেখুৱালে অভিনেত্ৰী গৰাকীয়ে । আলিয়াই অতি শুৱলাকৈ কুমকুমালা গীতটি পৰিবেশন কৰি শেষৰ ফালে হিন্দী সংস্কৰণৰ কেশৰীয়া গীতটিও পৰিবেশন কৰে ।আলিয়াৰ গীত শুনি মুগ্ধ হয় অনুষ্ঠানত উপস্থিত প্ৰতিজন দৰ্শক ৷
উল্লেখযোগ্য যে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা নাগাৰ্জুন আৰু বলীউডৰ বিগ বি অমিতাভ বচ্চনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।এই পেন ইণ্ডিয়ান প্ৰকল্পটো পৰিচালনা কৰিছে আয়ন মুখাৰ্জীয়ে আৰু ইয়াক ধৰ্মা প্ৰডাকচনচ, ষ্টাৰলাইট পিকচাৰ্ছ, প্ৰাইম ফ’কাচ আৰু ষ্টাৰ ষ্টুডিঅ’ৰ দ্বাৰা একত্ৰিতভাৱে সমৰ্থন কৰা হৈছে। চলিত বৰ্ষৰ ৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ছবিখনে ।