অভিনেতা সুনীল শ্বেট্টীৰ কন্যা আঠিয়া শ্বেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুলৰ বিবাহক লৈ চর্চা অব্যাহত আছে ৷ অভিনেত্ৰীগৰাকীৰ পিতৃ সুনীল শ্বেট্টীয়ে আঠিয়া আৰু কে এল ৰাহুলৰ বিবাহ ইতিমধ্যে নিশ্চিত কৰিছে ৷ এই যুটিটোৱে বহুদিনৰ পৰা ডেটিং কৰি আহিছে। শেহতীয়াকৈ তেওঁলোকে মুম্বাইৰ বি-টাউন চেণ্টাৰ বান্দ্ৰাৰ এটা বিলাসী সাগৰৰ পাৰৰ এপাৰ্টমেণ্টত থাকিবলৈ লৈছে । শেহতীয়া খবৰ অনুসৰি প্ৰবীণ অভিনেতাজনৰ খাণ্ডালাস্থিত বাংলো ‘জাহান’ত আঠিয়া আৰু কে এল ৰাহুল বিবাহপাশত আবদ্ধ হ’ব।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি আঠিয়া আৰু কে এল ৰাহুলে বিলাসী হোটেলৰ পৰিৱর্তে আত্মীয়ৰ উপস্থিতিত বিবাহ সম্পন্ন কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকৰ বন্ধু-বান্ধৱী আৰু ঘনিষ্ঠ আত্মীয়সকলক ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী প্ৰথম সপ্তাহলৈকে নিজকে উপলব্ধ কৰি ৰাখিবলৈ কোৱা হৈছে। অৱশ্যে ক্ৰিকেটাৰজনৰ সূচীৰ ওপৰত ভিত্তি কৰি বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।
শেহতীয়াকৈ সুনীল শ্বেট্টীয়ে প্ৰকাশ কৰিছিল যে কে এল ৰাহুলৰ বিভিন্ন মেচৰ সুচী নির্ধাৰণ হৈ আছে ৷ তেওঁৰ এছিয়া কাপ, বিশ্বকাপ, দক্ষিণ আফ্ৰিকা ট্যুৰ আৰু অষ্ট্ৰেলিয়া ট্যুৰ আদি নির্ধাৰিত হৈ আছে। যেতিয়া তেওঁ সময় পাব তেতিয়া তেওঁলোকৰ বিয়া হ’ব।প্ৰা