দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে দেশৰ ৮০ শতাংশতকৈয়ো অধিক চৰকাৰী বিদ্যালয়ৰ অৱস্থা অত্যন্ত শোচনীয় । তেওঁ সমগ্ৰ দেশৰ ১৪,৫০০ খন বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া (পিএম-এছএইচআৰআই) যোজনাৰ বিষয়ে উল্লেখ কৰি দেশৰ দহ লাখ চৰকাৰী বিদ্যালয় উন্নীতকৰণৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে ৷
কেজৰিৱালে পত্ৰত কয়, ‘আপুনি ১৪,৫০০খন বিদ্যালয়ৰ আধুনিকীকৰণৰ পৰিকল্পনা কৰিছে ৷ কিন্তু আমি যদি এই গতিৰে কাম কৰোঁ তেন্তে আমাৰ সকলো চৰকাৰী বিদ্যালয়ক উন্নীত কৰিবলৈ ১০০ বছৰ লাগিব। মই আপোনালোকক অনুৰোধ কৰিছো যে দেশৰ ১০ লাখ চৰকাৰী বিদ্যালয়ৰ পুনৰ উন্নয়নৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰক।’
তেওঁ কয় যে দেশৰ ২৭ লাখ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৮ লাখ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়লৈ যায়। ৮০ শতাংশতকৈও অধিক চৰকাৰী বিদ্যালয়ৰ অৱস্থা অত্যন্ত বেয়া। যদি আমি আমাৰ সন্তানক এনে পৰিৱেশত শিক্ষা দিওঁ, তেনেহ’লে ভাৰত কেনেকৈ এখন উন্নত দেশ হ’ব?”
১৯৪৭ চনত প্ৰতিখন গাঁও, নগৰত ভাল চৰকাৰী বিদ্যালয় স্থাপন নকৰি দেশে এক বৃহৎ ভুল কৰিছিল বুলিও তেওঁ কয়। তেওঁ কয় “এয়া দুৰ্ভাগ্যজনক যে অহা ৭৫ বছৰতো আমি আমাৰ সন্তানক ভাল শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব নিদিলোঁ। ভাৰতে অধিক সময় নষ্ট কৰি থাকিবনে?”
সোমবাৰে শিক্ষক দিৱস উপলক্ষে মোদীয়ে প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া যোজনাৰ অধীনত আদৰ্শ বিদ্যালয়সমূহৰ উন্নয়নৰ কথা ঘোষণা কৰে। কেজৰিৱালে হাৰিয়ানাৰ পৰা আম আদমী পাৰ্টিৰ ‘মেক ইণ্ডিয়া নম্বৰ ৱান’ অভিযান আৰম্ভ কৰিবলৈ সাজু হোৱাৰ সময়তে প্ৰধানমন্ত্ৰীলৈ পত্ৰখন প্ৰেৰণ কৰে ৷ পঞ্জাৱত আপে চৰকাৰ গঠন কৰি শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ তদুপৰি মোদীৰ গৃহ ৰাজ্য গুজৰাটত খোপনি পুতিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷