২০২৪ চনৰ সাধাৰণ নির্বাচনক লৈ পূর্ণ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত দলে নিৰ্ধাৰণ কৰি দিয়া কাম সম্পন্ন কৰিব নোৱাৰা বিজেপিৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে দলটোৰ সভাপতি জে পি নাড্ডা আৰু ৰাজনৈতিক ৰণনীতি প্ৰস্তুতকর্তা অমিত শ্বাহ ৷ মঙলবাৰে অনুষ্ঠিত দলৰ এখন বৈঠকত জে পি নাড্ডা আৰু অমিত শ্বাহে দলে নির্ধাৰণ কৰি দিয়া কাম সম্পূর্ণ কৰিব নোৱাৰা মন্ত্ৰীসকলক কঠোৰ সতৰ্কবাণী প্ৰদান কৰে। যিসকল মন্ত্ৰীয়ে তেওঁলোকক আবণ্টিত সংসদীয় সমষ্টিসমূহ ভ্ৰমণ কৰা নাই তেওঁলোকৰ ওপৰত খর্গহস্ত হৈ পৰে শ্বাহ ৷
সূত্ৰই প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীসকলক উদ্দ্যেশি শ্বাহে কয় – “সংগঠনৰ বাবেই আমি ইয়াত আছো। সংগঠনৰ বাবেই চৰকাৰ আছে। সংগঠনক অগ্ৰাধিকাৰ দিয়া উচিত।” সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি শ্বাহে এইবুলিও কয় –“ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰ্বাধিক জনপ্ৰিয়। মোদীৰ নামত যিকোনো ব্যক্তিয়েই জয়ী হ’ব পাৰে। কিন্তু তৃণমুল পর্যায়ত কোনো সংগঠন নাথাকিলে আমি ইয়াৰ সুবিধা ল’ব নোৱাৰিম।“
উল্লেখ্য যে ২০২৪ চনত বিজেপিয়ে ৩৫০খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰি নিৰ্বাচনৰ ২০ মাহৰ আগতেই পৰিকল্পনা আৰম্ভ কৰিছে। ২০১৯ চনত অত্যন্ত কম ভোটৰ ব্যৱধানত জয়ী হ’ব নোৱাৰা ১৪৪টা সমষ্টিৰ ওপৰত দলটোৱে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে।সেই ১৪৪ খন আসনৰ ভিতৰত কমেও ৭০ খনতকৈ অধিক আসন এইবাৰ দখল কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে।
বৈঠকত শ্বাহে কয় –‘ যোৱাবাৰতকৈ আমি অধিক আসন লাভ কৰিব লাগিব ৷ . ২০১৪ চনত পৰাজিত হোৱা আসনসমূহৰ আমি ৩০ শতাংশ আসন লাভ কৰিছিলোঁ ৷ ২০২৪ চনত ২০১৯ চনত পৰাজিত হোৱা ৫০ শতাংশ আসন লাভ কৰিব লাগিব ৷ ২০১৯ চনত লোকসভাত ৫৪৩ খন আসনৰ ভিতৰত বিজেপিয়ে ৩০৩ খন আসন লাভ কৰিছিল ৷
মন্ত্ৰীসকলৰ মাজত ১৪৪টা সমষ্টিৰ ভাগ কৰি দিয়া হৈছে ৷ যিসকলক তালৈ নিয়মীয়াকৈ ভ্ৰমণ কৰি বিস্তৃত তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হৈছিল।
মন্ত্ৰীসকলক কাৰ্যকৰী কৰা কল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতি, হিতাধিকাৰীৰ সংখ্যাও আদিৰ তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হৈছে ৷ সূত্ৰই জনোৱা মতে, মন্ত্ৰীসকলক নিযুক্ত সমষ্টিসমূহ নিয়মীয়াকৈ ভ্ৰমণ কৰিবলৈ কোৱা হৈছিল। চৰকাৰ আৰু দলীয় কাম-কাজৰ মাজত সময় দিবলৈকোৱা হৈছিল।