অলিম্পিকত পদক অর্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰা নীৰজ চোপ্ৰাই ৰচি গৈছে এটাৰ পাছত আন এটা অভিলেখ ৷ এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় নীৰজে দখল কৰিলে ডাইমণ্ড লীগ চেম্পিয়নৰ খিতাপ ৷ এই খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে নীৰজ ৷ বৃহস্পতিবাৰে চোপ্ৰাই ৮৮.৪৪ মিটাৰ নিক্ষেপ কৰি জুৰিখত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগ ২০২২ৰ ফাইনেলত জয়লাভ কৰে। তেওঁ দ্বিতীয় প্ৰচেষ্টাতে বিজয়ী হ’বলৈ নির্ধাৰিত দুৰত্বলৈ জেভলিন থ্ৰ’ কৰিবলৈ সক্ষম হৈছিল ৷
Golds,Silvers done, he gifts a 24-carat Diamond 💎 this time to the nation 🇮🇳🤩
Ladies & Gentlemen, salute the great #NeerajChopra for winning #DiamondLeague finals at #ZurichDL with 88.44m throw.
FIRST INDIAN🇮🇳 AGAIN🫵🏻#indianathletics 🔝
X-*88.44*💎-86.11-87.00-6T😀 pic.twitter.com/k96w2H3An3
— Athletics Federation of India (@afiindia) September 8, 2022
বৃহস্পতিবাৰে নীৰাজে খেলপথাৰত উৎকৃষ্ট প্ৰদর্শনেৰে তিনিটা থ্ৰ’ পঞ্জীয়ন কৰে ৷ ২৪ বছৰীয়া নীৰজে ৮৮.৪৪ মিটাৰ, ৮৮ মিটাৰ আৰু ৮৭ মিটাৰ থ্ৰ’ পঞ্জীয়ন কৰে ৷ বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিকৰ পিছতে এথলেটিকছৰ আটাইতকৈ সন্মানীয় ইভেণ্ট হিচাপে পৰিগণিত ডাইমণ্ড লীগৰ ফাইনেলত জয়ী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে নীৰজ ৷
পদক লাভ কৰি নীৰাজে কয়, “আজি জাকুব ৱাডলেজৰ সৈতে অত্যন্ত কঠিন প্ৰতিযোগিতা হৈছিল ৷ তেওঁ অতি সুন্দৰ থ্ৰ’ কৰিছিল । মই আজি ৯০ মিটাৰ থ্ৰ’ হ’ব বুলি আশা কৰিছিলোঁ। “তেওঁ আঘাতৰ বাবে কমনৱেলথ গেমছত খেলিব পৰা নাছিল ৷