উত্তৰ প্ৰদেশৰ হাথ্ৰাছত এগৰাকী ১৯ বছৰীয়া মহিলাক দলৱদ্ধ ধর্ষণৰ ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে অহাৰ সময়তে গ্ৰেপ্তাৰ কৰা কেৰেলাৰ সাংবাদিক ছিদ্দিক কাপ্পানক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে ৷ এই সন্দর্ভত অনুষ্ঠিত শুনানিত আজি ন্যায়ালয়ে কয় যে প্ৰতিজন ব্যক্তিৰ মত প্ৰকাশৰ স্বাধীনতা আছে ।
২০২০ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে ছিদ্দিক কাপ্পান ৷ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ জামিন মঞ্জুৰ কৰিলেও উচ্চতম ন্যায়ালয়ে কেইবাটাও চর্ত বান্ধি দিছে উচ্চতম ন্যায়ালয়ে ৷
সেই অনুসৰি অহা ৬ সপ্তাহলৈ প্ৰতি দিনে দিল্লী আৰক্ষীৰ ওচৰত হাজিৰ হ’ব লাগিব ৷ ইয়াৰ পিছত কেৰেলাত সাংবাদিকগৰাকীয়ে আৰক্ষীৰ ওচৰত হাজিৰ হ’ব লাগিব ৷ মালয়ালম নিউজ প’ৰ্টেল অজিমুখামৰ এজন সাংবাদিক ছিদ্দিক কাপ্পানৰ জামিন ইয়াৰ পূৰ্বে আদালতে নাকচ কৰিছিল। আৰক্ষীয়ে অভিযোগ কৰা অনুসৰি তেওঁ হাথ্ৰাছত আইন-শৃংখলা বিঘ্নিত কৰাৰ চেষ্টা চলাইছিল। লগতে অভিযুক্তৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল।
আজি আদালতত উত্তৰ প্ৰদেশ চৰকাৰে যুক্তি আগবঢ়ায় যে কাপ্পানক সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ বাবে উচটনি দিবলৈ ধন দিয়া হৈছিল আৰু তেওঁ কোনো স্বীকৃতিপ্ৰাপ্ত সাংবাদিক নহয়।