৮ছেপ্টেম্বৰ, বৃহস্পতিবাৰে সমগ্ৰ অসমতে উদযাপন কৰা হয় সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী ৷ সেয়েহে “ ভূপেন্দ্ৰ জয়ন্তী” উপলক্ষে ‘ড০ভূপেন হাজৰিকা ফাউণ্ডেচন যোৰহাট’ৰ উদ্যোগত যোৰহাট জিলা পুথিভঁৰালতো অনুষ্ঠিত কৰা হয় এক বৰ্ণাধ্য অনুষ্ঠানৰ৷
উক্ত অনুষ্ঠান উদ্বোধন কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ অনহাতে অনুষ্ঠানটিত ভূপেন্দ্ৰ সংগীতৰ সাধক গুৱাহাটীৰ জ্যোতিৰ্ময় দেবনাথ আৰু নগাৱৰ নয়নজ্যোতি শইকীয়াক সম্বৰ্দ্ধনা জনোৱা হয় ৷
অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠৰ প্ৰথম গীত “ কুসুম্বৰ পুত্ৰ “ পৰিবেশন কৰে যোৰহাট চেমফৰ্ড বিদ্যালয় আৰু সুৰৰ দেউল সংগীত বিদ্যালয়ৰ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷ উক্ত অনু্ষ্ঠানত জিতা বৰুৱা আৰু শান্তনু আচাৰ্যই গীতি কবিতা পাঠ কৰাৰ লগতে চেমফৰ্ড বিদ্যালয় , যোৰহাট এয়াৰ ফৰ্চ বিদ্যালয় , ক্ৰেচেন্ট একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলে দলীয় নৃত্য পৰিবেশন কৰে ৷ অনুষ্ঠানটিত শিশু শিল্পী ঋদ্ধিয়ে একক নৃত্য পৰিবেশন কৰে ৷
যোৰহাট চৰকাৰী বালিকা বিদ্যালয়, সুৰৰ দেউল সংগীত বিদ্যালয় আৰু সুৰ মালিতাৰ সদস্যসকলে সুধাকণ্ঠক শ্ৰদ্ধা জনাই সমবেত কণ্ঠত ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে ৷ ইফালে অৰিজিত শইকীয়াৰ ভায়’লিনবাদনৰ লগতে অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ আছিল যোৰাহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ ভূপেন্দ্ৰ সংগীত পৰিবেশন ৷
উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ প্ৰাক্তন মুখ্য সম্পাদক সাহিত্যিক ড০বসন্ত গোস্বামীয়ে ৰঞ্জন কুমাৰ দত্ত আৰু ড০বিভা দত্ত নেওগৰ সম্পাদনাৰ গ্ৰন্থ “ ড০দিলীপ কুমাৰ দত্তৰ জীৱন কৃতি আৰু দৃষ্টি’’ উন্মোচন কৰে “ ৷
আনহাতে অনুষ্ঠানৰ শেষত আমন্ত্ৰিত অতিথিদ্বয় ভূপেন্দ্ৰ সংগীতৰ সাধক জ্যোতিৰ্ময় দেৱনাথ আৰু নয়নজ্যোতি শইকীয়াই গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ৷
উল্লেখযোগ্য যে “ ভূপেন্দ্ৰ জয়ন্তী” উপলক্ষে ‘ড০ভূপেন হাজৰিকা ফাউণ্ডেচন যোৰহাট’ৰ উদ্যোগত অনুষ্ঠিত কৰা এই আটকধুনীয়া অনুষ্ঠানটিৰ আঁত ধৰে দীপক নাথ আৰু সবিতা গোস্বামীয়ে ৷