মুক্তিৰ পূৰ্বেই অসমৰ চলচিত্ৰ জগতলৈ আন এক সুখবৰ কঢ়িয়াই আনিলে ‘বুম্বা ৰাইডছে’ ৷ চলচ্চিত্ৰ খনৰ প্ৰযোজক লুইতকুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে আজি আমেৰিকাৰ ডিফ ক্ৰ’ক’ডাইল এণ্ড গ্ৰেটিটিউড ফিল্মছ ( deaf crocodile and gratitude films)য়ে ১.৫ কোটি টকাৰ বিনিময়ত চলচিত্ৰ নিৰ্মাতাসকলৰ পৰা ৭ বছৰৰ বাবে ক্ৰয় কৰিছে ছবিখনৰ উত্তৰ আমেৰিকাৰ স্বত্ব । আনহাতে চৰ্টলাইন এণ্টাৰটেইণমেণ্টেও (Shoreline entertainmen) শ্বেয়াৰ শতাংশত ছবিখনৰ গ্লোবেল ৰাইটছ ক্ৰয় কৰা বুলি জানিবলৈ দিছে বুম্বা ৰাইডছৰ নিৰ্মাতা সকলে ৷
অসমৰবাসীৰ বাবে,অসমীয়া চলচিত্ৰ জগতৰ বাবে ই এক গৌৰৱৰ কথা যে ‘বুম্বা ৰাইডছ’ হ’ল অসমৰ প্ৰথমখন চিনেমা যিয়ে মুক্তিৰ পূৰ্বেই গ্লোবেল ৰাইটছ বিক্ৰী কৰিবলৈ সক্ষম হৈছে ।
অহা ১৬ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাবলগীয়া ‘বুম্বা ৰাইডছ’ক লৈ যথেষ্ট আশাবাদী নিৰ্মাতা সকল ৷ অৱশ্যে ছবিখন কেৱল ছবিগৃহত হে উপলব্ধ হ’ব বুলি জানিবলৈ দিছে তেওঁলোকে ৷ আনহাতে অ’ টি টি প্লেটফৰ্মত ছবিখন উপলব্ধ হ’ব যদিও জিঅ’ লকিং থকাৰ লগতে অসমত তৎক্ষণাৎ অ’টিটিতো উপলব্ধ নহ’ব বুলি সামাজিক মাধ্যম ফেচবুক যোগে জানিবলৈ দিছে ছবিখনৰ নিৰ্মাতা লুইত কুমাৰ বৰ্মন,বিশ্বজিত বৰা,কৌশিক আৰু বিনোদ লাল দাসে ৷