ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত দেওবাৰে এছিয়া কাপ ২০২২ৰ ফাইনেলত শ্ৰীলংকাই পাকিস্তানক ২৩ ৰানত পৰাস্ত কৰে। ভানুকা ৰাজাপাক্ষৰ ৭১ ৰানৰ অপৰাজিত ৰাণ আৰু প্ৰমোদ মদুষনে চাৰিটা উইকেট দখল কৰি শ্ৰীলংকাকএছিয়া কাপৰ ষষ্ঠটো খিতাপ দখল কৰাত সহায় কৰে। প্ৰতিযোগিতাখনত দলটোৱে তেওঁলোকৰ দৰ্শনীয় প্ৰদৰ্শনৰ বাবে সমগ্ৰ বিশ্বৰ পৰা প্ৰশংসা লাভ কৰিছে ৷ এচিয়া কাপ জয়ৰ পিছত খেলুৱৈসকলে এক বৃহৎ বিজয়ৰ পেৰেডত অংশগ্ৰহণ কৰে, যেতিয়া মঙলবাৰে পুৱা তেওঁলোক গৃহদেশত উপস্থিত হয় ৷ বান্দৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শ্ৰীলংকা ক্ৰিকেট আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকলে খেলুৱৈসকলক আদৰণি জনায়।
বিমানবন্দৰৰ পৰা শ্ৰীলংকা খেলুৱৈসকলে এখন ডাবল ডেকাৰ বাছত যাত্ৰা কৰে ৷ পথৰ দাঁতিত থকা অনুৰাগীসকলে তেওঁলোকক বিজয়ৰ অভিনন্দন জ্ঞাপন কৰে। খেলুৱৈসকলে অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰি দেশৰ অর্থনৈতিক সংকটৰ সময়তো অনুৰাগীসকলৰ ব্যাপক সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
সমগ্ৰ পথছোৱাতে অনুৰাগীসকলে পথৰ কাষত বিজয়ী দলটোক হাত জোঁকাৰি অভিবাদন জ্ঞাপন কৰে ৷ খেলুৱৈ সকলে এছিয়া কাপৰ ট্ৰফী প্ৰদর্শন কৰি সকলোৰে অভিবাদন গ্ৰহণ কৰে ৷
উল্লেখ্য যে তীব্ৰ অর্থনৈতিক সংকটত ভোগা দেশখনত ইন্ধন, ৰন্ধন গেছ, আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অককাশলংঘী মূল্যবৃদ্ধি ঘটিছে ৷ বিদ্যুৎ কৰ্তন আৰু আকাশলংঘী খাদ্যৰ মূল্যই জনসাধাৰণক জুৰুলা কৰি তুলিছে ৷