ধন দাবীৰ গোচৰত পুনৰ জেৰাৰ সন্মুখীন হ’ল বলিউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ ৷ দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই আজি পুৱা জেকলিন ফাৰ্নাণ্ডেজক ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত সোধা-পোছা কৰে।দিনৰ প্ৰায় ১১.৩০ বজাত দিল্লীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ মন্দিৰ মাৰ্গ কাৰ্যালয়ত উপস্থিত হয় জেকলিন ফাৰ্নাণ্ডেজ।
দিল্লী আৰক্ষীয়ে ধন দাবী গোচৰত গ্ৰেপ্তাৰ হোৱা সুকেশ চন্দ্ৰশেখৰৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু তেওঁৰ পৰা লাভ কৰা উপহাৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হয় জেকলিন ৷ জেকলিনৰ সৈতে সুকেশক চিনাকি কৰাই দিয়া পিংকি ইৰাণীকো আজি আৰক্ষীয়ে জেৰা কৰে ৷ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি জেকলিনক আগন্তুক দুদিন পর্যন্ত জেৰা কৰা হ’ব পাৰে ৷ যাৰ বাবে তেওঁক দিল্লীত থকাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে ৷
সুকেশৰ বিৰুদ্ধে ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে (ইডি) যোৱা মাহত চাৰ্জশ্বীট দাখিল কৰিছে ৷ য’ত জেকলিন ফাৰ্নাণ্ডেজক অনউতম অভিযুক্ত বুলি উল্লেখ কৰা হৈছে ৷
তদন্ত সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি সুকেশ অপৰাধমূলক গোচৰত জড়িত থকাৰ লগতে বিবাহিত বুলি জনাৰ পাছতো জেকলিনে তেওঁৰ সৈতে আৰ্থিক লেনদেন কৰিছিল ৷ তেওঁ সুকেশৰ পৰা ২০ টা গহনা, ৬৫ যোৰ জোতা, ৪৭ যোৰ পোচাক, ৩২ টা বেগ, ৪ টা হাৰ্মিছ বেগ, ৯ খন পেইন্টিং উপহাৰ হিচাপে লাভ কৰা বুলি স্বীকাৰ কৰিছিল ৷
ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠান ৰেণবেক্সিৰ প্ৰাক্তন প্ৰমোটাৰ অদিতি সিং আৰু শিবেন্দ্ৰ সিঙৰ পৰা প্ৰায় ২১৫ কোটি টকা ধন দাবী কৰাৰ অভিযোগত সুকেশ চন্দ্ৰশেখৰক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।