কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জড়ো’ কার্যসূচী অব্যাহত থকাৰ সময়তে আন এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে কগ্ৰেছ ৷ নাটকীয়ভাৱে ৰাজনৈতিক পট পৰিৱর্তন ঘটা গোৱাত কংগ্ৰেছৰ ১১ জন বিধায়কৰ ৮ জনেই যোগদান কৰিলে বিজেপিত ৷ ইয়াৰ লগে লগে ৪০ জনীয়া গোৱা বিধানসভাত কংগ্ৰেছ বিধায়কৰ সংখ্যা তিনিজনলৈ হ্ৰাস পালে ৷ আঠজন বিধায়কে গোট হিচাপে দলত্যাগ কৰাৰ বাবে অৰ্থাৎ দলীয় শক্তিৰ দুই তৃতীয়াংশ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক দলত্যাগ বিৰোধী আইন অনুসৰি অযোগ্য ঘোষণা কৰিব নোৱাৰি।
বিজেপিয়ে আৰম্ভ কৰা ‘অপাৰেচন লটাছ’ৰ অংশ হিচাপে বিধায়কসকলক নিজৰ দললৈ বিজেপিয়ে অনা বুলি চর্চা চলিছে ৷ বিজেপিত যোগদান কৰা বিধায়ক মাইকেল লোবোৱে কয় যে, “এয়া কংগ্ৰেছ চ’ৰো, বিজেপি কো জড়ো অভিযান।” অৱশ্যে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই এই সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া ‘অপাৰেচন খিচড় (বোকা)’। তেওঁ কয় – “বিজেপিয়ে এই কামটো কৰিবলৈ সকলো ধৰণৰ কৌশল ব্যৱহাৰ কৰিছিল ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, দাবী-ধমকি,, ধনৰ প্ৰলোভন দিছিল ৷ কাৰণ ভাৰত জড়ো যাত্ৰাই বিজেপিক জোকাৰি গৈছে ৷”
আজি পুৱা বিধানসভাৰ অধিৱেশন নথকাৰ বাবে অধ্যক্ষৰ সৈতে বিধায়কসকলে বৈঠকঅনুষ্ঠিত কৰাৰ পাছতে দল সলনিৰ জল্পনা-কল্পনাৰ সূচনা হয়। ইয়াৰ পিছতে ৰাজ্যিক বিজেপিৰ মুৰব্বী সদানন্দ শেট তানাৱদেৱে সংবাদ সংস্থা পিটিআইক কয় যে বিধায়ক কেইজনে বিজেপিত যোগদান কৰিছে।