ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি ২০ শৃংখলাত অষ্ট্ৰেলিয়া দলত নাথাকিব তিনি তাৰকা ক্ৰিকেটাৰ ৷ ভাৰত ভ্ৰমণৰ পৰা বিৰত থাকিব মিচেল মাৰ্ছ, মিচেল ষ্টার্ক আৰু মাৰ্কাছ ষ্ট’ইনিছ ৷ ষ্টার্ক আঁঠুৰ আঘাতত ভুগি থকাৰ বিপৰীতে ক্ৰমে গোৰোহা আৰু পিঠিৰ সমস্যাৰ বাবে মাৰ্ছ আৰু ষ্ট’ইনিছক দলৰ পৰা বাদ দিয়া হৈছে।
আঘাত সামান্য যদিও ক্ৰিকেট অষ্ট্ৰেলিয়াই নিজৰ গৃহদেশত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি খেলুৱৈসকলক সতর্ক হৈ পৰিছে ৷ অহা মাহৰ পৰা আৰম্ভ হ’ব টি ২০ ক্ৰিকেট ।ডেভিদ ৱাৰ্নাৰক ইতিমধ্যে ভ্ৰমণৰ পৰা জিৰণি দিয়া হৈছে। ষ্টার্ক, মাৰ্ছ আৰু ষ্ট’ইনিছৰ সলনি নাথান এলিছ, ডেনিয়েল ছেমছ আৰু শ্বেন এবটক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
জিম্বাবুৱে আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ সময়ত মাৰ্ছ আৰু ষ্ট’ইনিছে আঘাতৰ সন্মুখীন হোৱাৰ বিপৰীতে বুধবাৰে আঁঠুৰ স্কেনৰ পিছত ষ্টার্কক বাদ দিয়া হয় ৷ ২০ ছেপ্টেম্বৰত মোহলীত, ২৩ ছেপ্টেম্বৰত নাগপুটত আৰু ২৫ ছেপ্টেম্বৰত হায়দৰাবাদত আয়োজক ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই তিনিখন টি-২০ খেল খেলিব।
ভাৰত টি-২০ৰ বাবে সংশোধিত অষ্ট্ৰেলিয়াৰ দল: শ্বেন এবট, এষ্টন আগৰ, পেট কামিন্স, টিম ডেভিদ, নাথান এলিছ, এৰন ফিঞ্চ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, জোছ ইংলিছ, গ্লেন মেক্সৱেল, কেন ৰিচাৰ্ডছন, ডেনিয়েল ছেমছ, ষ্টিভ স্মিথ, মেথিউ ৱেড, এডাম জাম্পা।